অসমীয়া

NSCNৰ মুৰব্বী থুইংগালেং মুইভাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক…

নাগালেণ্ডৰ ছুমুকেডিমাত NSCNৰ মুৰব্বী থুইংগালেং মুইভাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক।

মঙলবাৰে প্ৰথমবাৰৰ এনেদৰে ৰাজনৈতিক নেতাৰ সৈতে নগা শান্তি আলোচনাক ৰাজনৈতিক গতি দিয়াৰ উদ্যেশ্যে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইশ্বাক-মুইভা গোটৰ মুৰব্বী থুইংগালেং মুইভা।

মঙলবাৰৰ এই বৈঠকত নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত থাকে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’।

মুইভাৰ সৈতে হোৱা বৈঠকত নেডাৰ আহবায়ক হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নগা শান্তি আলোচনা পুনৰ আৰম্ভ হোৱাক লৈ সুখী আৰু সন্তোষ প্ৰকাশ কৰা কথা অৱগত কৰে।

ৰাজনৈতিক দৃষ্টি কোণৰ পৰা নগা শান্তি আলোচনা গতি দিয়াৰ ক্ষেত্ৰত এই বৈঠকে বিশেষ তাৎপৰ্যবহন কৰিছে।

ইফালে নাগালেণ্ডত সকলো ৰাজনৈতিক দলে শাসনাধিস্থ মিত্ৰজোঁত চামিল হোৱাত ৰাজনৈতিক প্ৰেক্ষাপটত সলনি আৰু অহা ২০২৩ চনৰ হব লগা নাগালেণ্ড বিধানসভা নিৰ্বাচন প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্তব্ধ হৈ পৰা নগা শান্তি আলোচনাক পুনৰ গতিৰ দিবৰ বাবে এনেদৰে তৎপৰ হৈ পৰিছে।

এই গুৰুত্বপূৰ্ণ বৈঠক সন্দৰ্ভত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে কয়- হিমন্ত বিশ্ব শৰ্মাৰে এয়া ৰাজনৈতিক আলোচনা আছিল। তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক বাৰ্তা লৈ আহিছিল। অমিত শ্বাহে স্থবিৰ হৈ থকা নগা শান্তি আলোচনা পুনৰ আৰম্ভ হোৱাত সুখী আৰু সন্তোষ প্ৰকাশ কৰিছে। তেওঁ নগা শান্তি আলোচনা চলাই যোৱাত সন্মত হৈছে যাতে নগা সমস্যা সোনকালে সমাধান হয়। চৰকাৰে আলোচনাৰ বাবে সদায় দুৱাৰ মুকলি ৰাখিছে। মোডীয়ে বিচাৰিছে নগা সমস্যা সমাধানে শান্তি আৰু অৰ্থনৈতিক উন্নয়ন আনিব।

উল্লেখ্য যে, থুইংগালেং মুইভাৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ ডিমাপুৰ বাসগৃত উপস্থিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *