মেঘালয়অসমীয়া

প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ মেঘালয়ৰ ১২ কংগ্ৰেছ বিধায়কৰ TMC ত যােগদান

মেঘালয়ত কংগ্ৰেছ দলৰ বাবে এক মােক্ষম আঘাত।

প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১২ জন কংগ্ৰেছ বিধায়কৰ দল ত্যাগ।

কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যােগদান আটাইকেইজনৰ।

অৱশ্যে এতিয়াও আনুষ্ঠানিকাভাৱে এই তথ্য সদৰী কৰা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ এইসকল বিধায়কে।

জানিব পৰা মতে, বৃহস্পতিবাৰে এখন সংবাদমেলৰ জৰিয়তে এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব কংগ্ৰেছ ত্যাগী বিধায়কে।

Mukul-Sangma-LO

উল্লেখ্য যে মেঘালয় বিধানসভাত কংগ্ৰেছৰ বিধায়িনী দলৰ মুকুল চাংমাই আন এঘাৰজন বিধায়কৰ সৈতে বুধবাৰে সন্ধিয়া মেঘালয় বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোলৈ তেওঁলোকৰ পদত্যাগ পত্ৰ দাখিল কৰে।

“আমি কংগ্ৰেছ ত্যাগ কৰিছো আৰু টিএমচিত যোগদান কৰিছো,” এজন বিধায়কে ফোনযোগে সাংবাদিকক জনায়।

১২ জন বিধায়কৰ ভিতৰত আছে গাৰো পাহাৰৰ আঠজন আৰু খাচী-জয়ন্তিয়া পাহাৰৰ চাৰিজন বিধায়ক।

উল্লেখ্য যে মেঘালয়ত বিধানসভাত কংগ্ৰেছৰ মুঠ ১৭ জন বিধায়ক আছিল যদিও এই সংখ্যা এতিয়া ৫ জনলৈ হ্ৰাস পালে।

Leave a Reply

Your email address will not be published. Required fields are marked *