নিৰ্বাচনী প্ৰচাৰ সভাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মেঘালয়ৰ UDP প্ৰাৰ্থী এইচ ডি আৰ লিংডোৰ মৃত্যু…

মেঘালয়ৰ প্ৰাক্তন গৃহমন্ত্ৰী এইচ ডি আৰ লিংডোৰ মৃত্যু।

আগন্তুক নিৰ্বাচনৰো প্ৰাৰ্থী আছিল এইচ ডি আৰ লিংডো।

নিৰ্বাচনী প্ৰচাৰ সভাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় লিংডোৰ।

জানিব পৰা মতে আজি এখন নিৰ্বাচনী প্ৰচাৰ সভা চলাই থকাৰ মাজতে লিংডো বাগৰি পৰে আৰু তাৰ পিছতে তেওঁৰ মৃত্যু হয়।

শ্বিলঙৰ বেথানী হাস্পতালত শেষনিশ্বাস ত্যাগ কৰে লিংডোয়ে।

UDP দলৰ পৰা পূৱ খাচী হিলছৰ ছোহিয়ং সমষ্টিৰ প্ৰাৰ্থী আছিল লিংডো।

উল্লেখ্য যে, মেঘালয়ত ড০ মুকুল চাংমাৰ নেতৃত্বত গঠন হোৱা কংগ্ৰেছ চৰকাৰ সময়ত লিংডো আছিল গৃহমন্ত্ৰী। তেওঁ প্ৰথমবাৰৰ বাবে ১৯৮৮ চনত হিল ষ্টেট পিপলছ ডেমক্ৰেটিক পাৰ্টীৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

নিৰ্বাচনৰ পূৰ্বে এনেদৰে এগৰাকী প্ৰাৰ্থীৰ মৃত্যু হোৱা ঘটনাই মেঘালয়ৰ ৰাজনীতিত শোকৰ ছাঁ পেলাইছে।