মণিপুৰ

নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা! ৫০০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ…

নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা! ৫০০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ।

মণিপুৰত ৫০০ কোটি টকাৰো অধিক মূল্যৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰী আটক হয়।

মণিপুৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ মোৰেহ বেটেলিয়নৰ এটা যুটীয়া দলে অভিযানত জব্দ হয় ড্ৰাগছখিনি।

মঙলবাৰে আছাম ৰাইফলছে এই তথ্য সদৰী কৰে।

মণিপুৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ মোৰেহ বেটেলিয়নৰ এটা যুটীয়া দলে অভিযান চলাই মোৰেহ টাউনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে।

ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা ৫৪ কিলোগ্ৰাম ব্ৰাউন ছুগাৰ আৰু ১৫৪ কিলোগ্ৰাম মেথাম্ফেটামিন (Methamphetamine) জব্দ কৰে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সুৰক্ষা কৰ্মীৰ এই প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰাৰ লগতে ঘটনাৰ সবিশেষ টুইটাৰৰ জৰিয়তে জানিব দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *