নিজতকৈ ১৯ বছৰ সৰু গুৰপ্ৰীতৰ সৈতে দ্বিতীয় বিয়াত বহিল মুখ্যমন্ত্ৰী ভগৱন্ত মান, চাওক বিয়াৰ বিশেষ চিত্ৰ…

নিউজ ডেস্কঃ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান।

বৃহস্পতিবাৰে মুখ‍্যমন্ত্ৰীগৰাকীৰ চণ্ডিগড়স্থিত নিজা বাসগৃহত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত সম্পন্ন হৈ যায় বিবাহখন।

চিকিত্‍সক ডা০ গুৰপ্ৰীত কৌৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মুখ্যমন্ত্ৰীগৰাকী।

জাক জমকতাপূৰ্ণ অনুষ্ঠানৰ বিপৰীতে অতি অনুষ্টুপীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ বিবাহৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

photo1657184684
নিজতকৈ ১৯ বছৰ সৰু গুৰপ্ৰীতৰ সৈতে দ্বিতীয় বিয়াত বহিল মুখ্যমন্ত্ৰী ভগৱন্ত মান, চাওক বিয়াৰ বিশেষ চিত্ৰ… 8

তেওঁৰ বিবাহৰ অনুষ্ঠানত আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, দলীয় নেতাকে ধৰি কেইগৰাকীমান মুষ্টিমেয় অতিথি আৰু পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে।

photo1657184696
নিজতকৈ ১৯ বছৰ সৰু গুৰপ্ৰীতৰ সৈতে দ্বিতীয় বিয়াত বহিল মুখ্যমন্ত্ৰী ভগৱন্ত মান, চাওক বিয়াৰ বিশেষ চিত্ৰ… 9

উল্লেখ্য যে, ৪৮ বছৰীয়া মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ দ্বিতীয়া পত্নীৰ বয়স হৈছে ২৯ বছৰ।

image 67
নিজতকৈ ১৯ বছৰ সৰু গুৰপ্ৰীতৰ সৈতে দ্বিতীয় বিয়াত বহিল মুখ্যমন্ত্ৰী ভগৱন্ত মান, চাওক বিয়াৰ বিশেষ চিত্ৰ… 10

১৯৯৩ চনত জন্মগ্ৰহণ কৰা ডা০ গুৰপ্ৰীত কৌৰে ২০১৮ চনত হাৰিয়ানাৰ মুল্লানাৰ মহৰ্ষি মাৰ্কন্দেশ্বৰ বিশ্ববিদ্যালয়ৰ পৰা এমবিবিএছ উত্তীৰ্ণ হৈছিল। বৰ্তমান তেওঁ চিকিৎসক হিচাপে সু-প্ৰতিষ্ঠিত।

photo1657184703
নিজতকৈ ১৯ বছৰ সৰু গুৰপ্ৰীতৰ সৈতে দ্বিতীয় বিয়াত বহিল মুখ্যমন্ত্ৰী ভগৱন্ত মান, চাওক বিয়াৰ বিশেষ চিত্ৰ… 11

আনহাতে ভগৱন্ত মানৰ এয়া হৈছে দ্বিতীয় বিবাহ।

প্ৰায় ৬ বছৰ পূৰ্বে প্ৰথমা পত্নী ইন্দ্ৰপ্ৰীত কৌৰৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছিল মানৰ। বৰ্তমান প্ৰথমা পত্নী আৰু তেওঁৰ দুই সন্তান আমেৰিকাৰ বাসিন্দা।

photo1657184732
নিজতকৈ ১৯ বছৰ সৰু গুৰপ্ৰীতৰ সৈতে দ্বিতীয় বিয়াত বহিল মুখ্যমন্ত্ৰী ভগৱন্ত মান, চাওক বিয়াৰ বিশেষ চিত্ৰ… 12

২০১৪ চনৰ লোকসভা নিৰ্বাচনত চাংৰুৰৰ পৰা জয়লাভ কৰাৰ পিছতে তেওঁ চাকৰি ত্যাগ কৰি ৰাজনীতিত মনোনিবেশ কৰাৰ সিদ্ধান্তত তেওঁৰ পত্নীৰ আপত্তি আছিল।

image 66
নিজতকৈ ১৯ বছৰ সৰু গুৰপ্ৰীতৰ সৈতে দ্বিতীয় বিয়াত বহিল মুখ্যমন্ত্ৰী ভগৱন্ত মান, চাওক বিয়াৰ বিশেষ চিত্ৰ… 13

ইয়াৰ পিছতেই দুয়োৰে মাজত বিবাহ বিচ্ছেদ ঘটিছিল।

লগতে চাওকঃ

শ্ৰেণীকোঠাত চিনেমাৰ কায়দাৰে ছাত্ৰীক গোলাপ উপহাৰ দি ‘প্ৰেম নিবেদন’ শিক্ষকৰ, তাৰ পিছত…

photo1657184178
নিজতকৈ ১৯ বছৰ সৰু গুৰপ্ৰীতৰ সৈতে দ্বিতীয় বিয়াত বহিল মুখ্যমন্ত্ৰী ভগৱন্ত মান, চাওক বিয়াৰ বিশেষ চিত্ৰ… 14