ৰভাতলীত দৰাৰ সন্মুখতে প্ৰেয়সীৰ ডিঙিত বৰমালা প্ৰাক্তন প্ৰেমিকৰ, তাৰ পিছত ঘটিল এই ঘটনা…

নিউজ ডেস্কঃ মহা ধুমধামেৰে আয়োজন কৰা বিয়াত হঠাৎ ঘটিল এক অঘটন! ৰভাতলীত প্ৰৱেশ কৰি কইনাৰ সাজত বহি থকা প্ৰেয়সীৰ ডিঙিত প্ৰাক্তন প্ৰেমিকে বৰমালা পিন্ধোৱাৰ ঘটনাই হতবাক কৰি তোলে সকলোকেে। আনকি প্ৰেয়সীৰ সেউতাত সেন্দুৰ দিয়াৰো চেষ্টা চলায় প্ৰাক্তন প্ৰেমিকে।

এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে বিহাৰৰ এখন বিবাহথলীত। বিহাৰৰ নালন্দা জিলাৰ এখন বিবাহ অনুষ্ঠানত হঠাৎ প্ৰৱেশ কৰা কইনাৰ প্ৰাক্তন প্ৰেমিকে সৃষ্টি কৰে হুলস্থূলৰ।

photo1657189592
ৰভাতলীত দৰাৰ সন্মুখতে প্ৰেয়সীৰ ডিঙিত বৰমালা প্ৰাক্তন প্ৰেমিকৰ, তাৰ পিছত ঘটিল এই ঘটনা... 3

ঘটনাৰ বিৱৰণী অনুসৰি, হৰনৌত আৰক্ষী থানাৰ অন্তৰ্গত মুবাৰকপুৰ গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল একে গাঁৱৰে মুকেশ নামৰ এজন যুৱকৰ। কিন্তু যুৱতীগৰাকীৰ পৰিয়ালে তেওঁলোকৰ প্ৰেমত অসন্মতি জনাই আন এজনৰ সৈতে যুৱতীগৰাকীৰ বিয়া ঠিক কৰে।

বিয়াৰ নিৰ্দিষ্ট দিনটোত কইনাৰ ঘৰত দৰা আহি উপস্থিত হোৱাৰ সময়তে ৰভাতলীত প্ৰৱেশ ঘটে প্ৰাক্তন প্ৰেমিক মুকেশৰো। যুৱকজনে চিধাই প্ৰেয়সী যুৱতীগৰাকীৰ ডিঙিত বৰমালা পিন্ধোৱাৰ লগতে সেন্দুৰ দিয়াৰো চেষ্টা চলায়।

photo1657189624
ৰভাতলীত দৰাৰ সন্মুখতে প্ৰেয়সীৰ ডিঙিত বৰমালা প্ৰাক্তন প্ৰেমিকৰ, তাৰ পিছত ঘটিল এই ঘটনা... 4

ইফালে এই ঘটনাত স্তম্ভিত হৈ পৰা কইনা ঘৰৰ পৰিয়ালে কৰায়ত্ব কৰি প্ৰহাৰ কৰে মুকেশে। আনহাতে এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পিছত দৰাই বিয়া কৰাবলৈ অস্বীকাৰ কৰাত ঘটনাক কেন্দ্ৰ পুনৰ সৃষ্টি হয় হূলস্থূলীয়া পৰিৱেশৰ।

অইনফালে কইনাপক্ষৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হৈ বৰ্তমান বিহাৰৰ শ্বৰীফৰ সদৰ চিকিৎসায়লত চিকিৎসাধীন হৈ আছে মুকেশ। যুৱতীগৰাকীৰ পৰিয়ালে মুকেশৰ সৈতে যুৱতীগৰাকীৰ সম্পৰ্কৰ কথা অস্বীকাৰ কৰিছে। ইতিমধ্যে দুয়োপক্ষৰ পৰা দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।