
শ্ৰেণীকোঠাত চিনেমাৰ কায়দাৰে ছাত্ৰীক গোলাপ উপহাৰ দি ‘প্ৰেম নিবেদন’ শিক্ষকৰ, তাৰ পিছত…
নিউজ ডেস্কঃ প্ৰেমত ঘূৰে ভূমণ্ডল, প্ৰেমত ফুলে শতদল।
এই প্ৰেমেই কৰ্ম জীৱনত যতি পেলালে এগৰাকী শিক্ষকৰ। শ্ৰেণীকোঠাত চিনেমাৰ কায়দাত ছাত্ৰীক গোলাপ যাঁচি নিলম্বিত হ’বলগীয়া হ’ল প্ৰেমিক শিক্ষক।
এই ঘটনা সংঘটিত হৈছে ধেমাজিৰ দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ কেন্দ্ৰত। ছাত্ৰীক প্ৰেমৰ প্ৰস্তাত দিয়াৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে প্ৰতিষ্ঠানখনৰ পৰা নিলম্বন কৰা হয় শিক্ষকজনক।

আনহাতে লাজে লাজে শিক্ষকৰ পৰা গোলাপ উপহাৰ লোৱা ছাত্ৰীগৰাকী আৰু সেই সময়ৰ দৃশ্য মোবাইল কেমেৰাত বন্দী কৰাসকলকো ৭ দিনৰ বাবে বহিস্কাৰ কৰা হ’ল প্ৰতিষ্ঠানখনৰ পৰা।
এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে- এগৰাকী শিক্ষকে শ্ৰেণীকোঠাৰ হৰ্ষোল্লাসৰ মাজেৰে আঁঠু কাঢ়ি গোলাপ যাঁচিছে এগৰাকী ছাত্ৰীক।

সেই ভিডিঅ’টো উপস্থিত দুই-এক ছাত্ৰই মোবাইল কেমেৰাত আৱদ্ধ কৰিছিল। ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে পদক্ষেপ গ্ৰহণ কৰে প্ৰতিষ্ঠানখনে।
শ্ৰেণীকোঠাৰ পাঠদান এৰি প্ৰেমত হাবুডুবু খোৱা এই শিক্ষক-ছাত্ৰীৰ আচৰণে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমতো।
লগতে চাওকঃ
ৰাজহুৱাকৈ অপদস্থৰ সন্মুখীন হৈ চৰম পথ বাচি লৈছিল স্বাস্থ্যকৰ্মী শিখা শইকীয়াই! আটক গগৈ দম্পতীক







Pingback: ৰাজহুৱাকৈ অপদস্থৰ সন্মুখীন হৈ চৰম পথ বাচি লৈছিল স্বাস্থ্যকৰ্মী শিখা শইকীয়াই! আটক গগৈ দম্পতীক - NEWS
Pingback: চুবুৰীয়া ৰাজ্যৰ মহিলাক প্ৰহাৰ কৰি নিলম্বন হ’ল উপ-পৰিদৰ্শকসহ মহিলা কনিষ্টবল... - NEWS8 NorthEast
Pingback: নিজতকৈ ১৯ বছৰ সৰু গুৰপ্ৰীতৰ সৈতে দ্বিতীয় বিয়াত বহিল মুখ্যমন্ত্ৰী ভগৱন্ত মান, চাওক বিয়াৰ বিশেষ চ