নামাজ চলি থকাৰ সময়তে মছজিদত ভয়ংকৰ বিস্ফোৰণ! ৩০ জনৰ মৃত্যু, আহত ৬০ৰো অধিক

পাকিস্তানৰ ভয়ংকৰ বোমা বিস্ফোৰণত নিহত ৩০ জনৰো অধিক লোক। আহত হৈছে ৬০ জনৰো অধিক।

শুকুৰবাৰে পাকিস্তানৰ উত্তৰ-পশ্চিম চহৰ পেছাৱাৰৰ এটা চিয়া মছজিদৰ ভিতৰত সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণ।

মছজিদৰ ভিতৰত নামাজ আদায় চলি থকাৰ সময়তে সংঘটিত বিস্ফোৰণটোৰ ফলত মৃতকৰ সংখ্যা অধিক বৃদ্ধি পাইছে।

G2 5
নামাজ চলি থকাৰ সময়তে মছজিদত ভয়ংকৰ বিস্ফোৰণ! ৩০ জনৰ মৃত্যু, আহত ৬০ৰো অধিক 3

আল জাজিৰাৰ বাতৰি অনুসৰি, শুকুৰবাৰে নামাজৰ বাবে পেছাৱাৰৰ পুৰণি চহৰৰ কুচা ৰিচালদাৰ মছজিদত ইছলাম ধৰ্মাৱলম্বী অগণন লোকৰ ভিৰ লগাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়।

পেছাৱাৰ আৰক্ষী প্ৰধান মহম্মদ এজাজ খানে জানিবলৈ দিয়া মতে, বিস্ফোৰণ সংঘটিত কৰাৰ পূৰ্বে দুজন সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে মছজিদৰ বাহিৰত আৰক্ষীৰ ওপৰত গুলীচালনা কৰে। আৰক্ষীয়ে এই আকস্মিক আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াত এজন আৰক্ষী জোৱানৰ লগতে এজন সন্ত্ৰাসবাদীও নিহত হয়।

আনহাতে সেই সময়তে আনজন সন্ত্ৰাসবাদীয়ে মছজিদৰ ভিতৰতলৈ এটা শক্তিশালী বোমা নিক্ষেপ কৰে। যাৰ ফলত ৩০ জনৰো অধিক লোক নিহত হোৱাৰ লগতে ৬০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়।

আহত সকলক পৰৱৰ্তী সময়ত উদ্ধাৰ কৰি লেডী ৰিডিং হাস্পতালত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়ৰ মুখপাত্ৰ মহম্মদ আছীমে জানিবলৈ দিয়া মতে, আহত সকলৰ কেইবাজনৰো অৱস্থা সংকটজনক। যাৰ ফলত নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

ইফালে একে দিনাই পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ পৰা ১৯০ কিলোমিটাৰ নিলগৰ আফগানিস্তানৰ সীমান্তত সংঘটিত হৈছে আন এক বিস্ফোৰণৰ ঘটনা। এটা মছজিদৰ বাহিৰত সংঘটিত এই বিস্ফোৰণত এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰধানমন্ত্ৰী ইমৰান খানে বোমা বিস্ফোৰণক গৰিহণা দি ঘটনাৰ তৰিৎ তদন্তৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে, বিগত কিছু মাহত পাকিস্তানৰ হিংসাত্মক ঘটনা অধিক বৃদ্ধি পাইছে। বিশেষকৈ আফগানিস্তান সীমান্তৰ পাকিস্তানী সেনা চাউনী সমূহত সংঘটিত আক্ৰমণৰ ঘটনাত অৰ্ধশতাধিক সামৰিক কৰ্মী নিহত হৈছে।

লগতে চাওকঃ

কিংবদন্তি ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ আকস্মিক দেহাৱসান

G3 7
নামাজ চলি থকাৰ সময়তে মছজিদত ভয়ংকৰ বিস্ফোৰণ! ৩০ জনৰ মৃত্যু, আহত ৬০ৰো অধিক 4

Leave a Comment