খেলঅসমীয়া

কিংবদন্তি ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ আকস্মিক দেহাৱসান

নিউজ ডেস্ক। অষ্ট্ৰেিলয়াৰ কিংবদন্তি বলাৰ শ্বেন ৱাৰ্ণৰ আকস্মিক দেহাৱসান।

থাইলেণ্ডত থকা সময়ত হৃদ ৰােগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হােৱা বুলি প্ৰাথমিকভাৱে প্ৰকাশ পাইছে।

G3 7
কিংবদন্তি ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ আকস্মিক দেহাৱসান 5

মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৫২ বছৰ।

FNAtTBLXsAY6ui2
কিংবদন্তি ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ আকস্মিক দেহাৱসান 6

উল্লেখ্য যে শ্বেন ৱাৰ্ণক ক্ৰিকেট জগতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ লেগ স্পিনাৰ হিচাপে জনা যায়।

ৱাৰ্ণৰ মেনেজমেণ্টে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে, “পুৱতি নিশা তেওঁ থাইলেণ্ডৰ কোহ চামুইত স্থিত ভিলাত অচেতন অৱস্থাত পোৱা গৈছিল আৰু চিকিৎসা কৰ্মচাৰীৰ অশেষ প্ৰচেষ্টা স্বত্বেও তেওঁৰ মৃত্যু ঘটে।”

আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ দ্বিতীয় সৰ্বাধিক উইকেত দখলৰ অভিলেখেৰে ক্ৰিকেটৰ পৰা অৱসৰ লোৱা প্ৰসিদ্ধ ক্ৰিকেটাৰ গৰাকীৰ বিয়োগৰ বাতৰিয়ে শোকস্তব্ধ কৰিছে তেওঁৰ অগণন অনুৰাগীক।

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ, শচীন টেণ্ডুলকাৰকে ধৰি ক্ৰিকেটাৰ সকলে ৱাৰ্ণৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে।

লগতে চাওকঃ

একেলগে ৩ যমজ ভগ্নীক বিয়া এজন যুৱকৰ! সামাজিক মাধ্যমত চৰ্চিত এই ব্যতিক্ৰমী বিয়া

G1 7
কিংবদন্তি ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ আকস্মিক দেহাৱসান 7

Leave a Reply

Your email address will not be published. Required fields are marked *