আন্তঃৰাষ্ট্ৰীয়অসমীয়া

নেপালত পুনৰ প্ৰকৃতিৰ তাণ্ডৱ! বুঢ়ী গণ্ডকী নদীৰ প্ৰলয়ংকাৰী বানত উটিল ৬খন দলং আৰু ৩৫টা বাসগৃহ, সন্ধানহীন ১০ জন লোক

কাঠমাণ্ডুঃ আকৌ ৰুষ্ট প্ৰকৃতিয়ে তচনচ কৰিছে সুন্দৰৰ দেশ নেপাল। চুবুৰীয়া দেশখনৰ বুঢ়ী গণ্ডকী নদীৰ প্ৰলয়ংকাৰী বানে ক্ষন্তেকতে সৃষ্টি কৰিলে এক ভয়াৱহ পৰিস্থিতিৰ। গোৰ্খা জিলাত নদীখনৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় ৬খনকৈ দলং আৰু প্ৰায় ৩৫টা বাসগৃহ। এই আকস্মিক বানত এতিয়ালৈকে কমেও ১০ জন লোক সন্ধানহীন হৈ থকাৰ লগতে বিচ্ছিন্ন হৈ পৰিছে কেইবাটাও জনবসতিপূৰ্ণ অঞ্চলৰ যোগাযোগ ব্যৱস্থা।

প্ৰাথমিক তথ্য অনুসৰি, বানৰ প্ৰচণ্ড সোঁতত দুখন পকী দলং আৰু চাৰিখন ওলোমা দলং সম্পূৰ্ণৰূপে জাহ যায়। ফলত অঞ্চলটোৰ বাট-পথৰ লগতে জলবিদ্যুৎ প্ৰকল্পৰ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হয়। ক্ষতিগ্ৰস্ত দলংকেইখনৰ ভিতৰত গোৰ্খা আৰু ধাদিঙৰ মাজত সংযোগ স্থাপনকাৰী দলঙৰ লগতে আৰুখাটৰ চতি আৰু মানবু সংযোগী দলঙো আছে। ইয়াৰ উপৰিও ধৰ্চে গ্ৰামীণ পৌৰসভাৰ ১ আৰু ৩ নম্বৰ ৱাৰ্ডক সংযোগ কৰা বেইলি দলংখনো উটুৱাই লৈ যায় বানে। আনহাতে মাচ্ছিখোলা-কেৰৌজা আৰু থাদো ভাৰাং-জগত সংযোগী ওলোমা দলংকেইখনো সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হয়।

চুমনুব্ৰি গ্ৰামীণ পৌৰসভাৰ পৈয়ু আৰু বগৰ গাঁৱত বানে প্ৰায় ৩৫টা বাসগৃহ উটুৱাই লৈ যায়। অঞ্চলটোৰ জগত, ছাল্লেৰী, দোভান আৰু ঘটেখোলাতো ব্যাপক ক্ষয়-ক্ষতিৰ সৃষ্টি হয়। গণ্ডকী প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰাথমিক ক্ষয়-ক্ষতিৰ প্ৰতিবেদনত নদীৰ পাৰৰ জনবসতিসমূহত সৃষ্টি হোৱা ধ্বংসলীলাৰ ভয়ংকৰ ছবি স্পষ্ট হৈ পৰিছে। ইফালে ছিৰ্দিবাচত এজন স্থানীয় বাসিন্দাৰ বাসগৃহ উটুৱাই নিয়াৰ লগতে আন এটা ঘৰ সম্পূৰ্ণৰূপে পানীৰ তলত জাহ যায়।

মাচ্ছিখোলাৰ নামনি অংশ প্লাৱিত হৈ পাঁচৰ পৰা সাতটা বাসগৃহৰ লগতে সমসংখ্যক অস্থায়ী আশ্ৰয় শিবিৰ ক্ষতিগ্ৰস্ত হয়। সমান্তৰালভাৱে ছাল্লেৰী অঞ্চলৰ প্ৰায় ২০ৰ পৰা ২২টা বাসগৃহ বৰ্তমানেও তীব্ৰ খহনীয়াৰ ভাবুকিত আছে। ইফালে ছাল্লেৰীত নিৰ্মাণৰত অৱস্থাত থকা সহজ শক্তি জলবিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউচৰ লগতে কাষৰীয়া সাত-আঠটা ঘৰো বাঢ়নী পানীয়ে উটুৱাই লৈ যায়। আনহাতে গোৰ্খাৰ আৰুখাট আৰু ধাদিঙক সংযোগ কৰা পকী দলংখনৰ এটা অংশ খহি পৰাত পথ যোগাযোগ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে।

ইমান ব্যাপক ধ্বংসলীলাৰ পিছতো উচ্চ স্থানত অৱস্থিত হোৱাৰ বাবে ফিলিম, ছাল্লেৰী, জগত আৰু মাচ্ছিখোলাৰ স্বাস্থ্য কেন্দ্ৰসমূহ তুলনামূলকভাৱে সুৰক্ষিত হৈ আছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোৰ্খা, লামজুং আৰু তনহু জিলাৰ দুৰ্যোগ প্ৰশমন বাহিনীৰ লগতে প্ৰাদেশিক চিকিৎসালয়ৰ জৰুৰীকালীন চিকিৎসা দলক উদ্ধাৰ অভিযানৰ বাবে পূৰ্ণ সাজু কৰি ৰখা হৈছে।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *