অসমঅসমীয়া

দশভূজা নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সেয়ে প্ৰথমে তেওঁ সম্পাদন কৰিব ৩টা গুৰুত্বপূৰ্ণ কাম…

নিউজ ডেস্ক। মাজুলীৰ উপ-নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ দুটা দিন বাকী।

ইতিমধ্যে তুংগত উঠিছে ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। মজুলীত বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। প্ৰচাৰৰ সমান্তৰালভাৱে তেওঁ দি গৈছে প্ৰতিশ্ৰুতি।

G3 6
দশভূজা নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সেয়ে প্ৰথমে তেওঁ সম্পাদন কৰিব ৩টা গুৰুত্বপূৰ্ণ কাম… 3

শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তিনিটা প্ৰধান কাম প্ৰথমে সম্পাদন কৰাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদিও অনেক উন্নয়নমূলক কাম কৰিবলৈ আছে, তথাপিও এই তিনিটা প্ৰধান কাম প্ৰথমে সম্পন্ন কৰাৰ পিছতহে আন আন কামবোৰত হাত দিব বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ কাৰণ হিচাপে তেওঁ ক’লে- কাম কৰিবলৈ তেওঁৰ দহখন হাত নাই।

সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে কৰিবল’গীয়া প্ৰথম তিনিটা কামৰ বিষয়ে উল্লেখ কৰি কয় যে এই তিনিটা কাম তেওঁ প্ৰথমে সম্পূৰ্ণ নকৰিলে তেওঁক পাপে চুব। সেয়েহে তেওঁ প্ৰথমে এই কাম কেইটা কৰিব।

মুখ্যমন্ত্ৰীয়ে কোৱা প্ৰথম তিনিটা কাম হৈছে- অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ, মহিলাসকলৰ বাবে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই আৰু ১ লাখ চাকৰি প্ৰদান।

উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই তিনিটা কাম সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই। সেয়ে এতিয়া এই কামকেইটা তেওঁ সম্পাদন কৰিবলগীয়া প্ৰথম কাম হিচাপে অভিহিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *