আন্তঃৰাষ্ট্ৰীয়অসমীয়াৰাষ্ট্ৰীয়

এইবাৰ মুছলমানৰ ওপৰত চলা নিৰ্যাতনৰ ওপৰত নিৰ্মাণ ছবি! পোষ্টাৰ মুকলি

নিউজ ডেস্ক। কাশ্মিৰী পণ্ডিতৰ ওপৰত ৯০ৰ দশকত চলা নিৰ্যাতনৰ আধাৰত নিৰ্মাণ কৰা বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে।

ইয়াৰ মাজতে এইবাৰ আন এখন ছবিৰ পোষ্টাৰে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া।

কেইবা দশক ধৰি মুছলমানৰ ওপৰত চলা মুছলমানৰে নিৰ্যাতৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন।

ভাৰত আৰু বাংলাদেশৰ সহযোগত ‘বঙ্গবন্ধু’ নামেৰে জনাজাত নেতা শ্বেখ মুজিবুৰ ৰহমানৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ‘মুজিব- দ্য মেকিং অফ এ নেশ্যন’ চলচ্ছিত্ৰখন এতিয়া মুক্তিৰ বাবে সাজু হৈছে।

ছবিখনৰ প্ৰথম পোষ্টাৰ মুকলি কৰিছে পৰিচালক শ্যাম বেনেগালে।

FOCSeCgVQAQNF5

ভাৰত আৰু পাকিস্তান বিভাজনৰ পিছত পূব পাকিস্তানৰ জনসাধাৰণৰ হিতৰ বাবে নিৰন্তৰ সংগ্ৰাম কৰি যোৱা শ্বেখ মুজিবুৰ ৰহমানকো পাকিস্তানৰ সামৰিক শাসকসকলে যথেষ্ট অত্যাচাৰ কৰিছিল আৰু স্বাধীনতাৰ পিছৰ সময়ছোৱাত বাংলাদেশ গঠন হোৱালৈকে বাৰে বাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

জীৱনৰ প্ৰায় ১১ বছৰ কাৰাগাৰত কটোৱা শ্বেখ মুজিবুৰ ৰহমানক বাংলাদেশৰ ৰাষ্ট্ৰপিতা বুলিও জনা জায়। এইগৰাকী মুজিবুৰ ৰহমান আৰু মুছলমানৰ ওপৰত চলা নিৰ্যাতনৰ আধাৰতে নিৰ্মাণ কৰা হৈছে এই ছবিখন।

FODjrVsVQAw7B23

ৰাজনৈতিক কেৰিয়াৰৰ আৰম্ভণিৰ দিনৰ পৰাই মহাত্মা গান্ধীৰ দ্বাৰা প্ৰভাৱিত হোৱা শ্বেখ মুজিবুৰ ৰহমানে গান্ধীক অনুসৰণ কৰি নিজেও দৰিদ্ৰ, দলিত আৰু দুখীয়া সকলৰ বাবে সংগ্ৰাম কৰিছিল।

‘মুজিব- দ্য মেকিং অফ এ নেশ্যন’ বোলছবিখনে তেওঁৰ সংগ্ৰাম আৰু বিশ্বমানচিত্ৰত এখন নতুন দেশ হিচাপে বাংলাদেশৰ উত্থানৰ কাহিনী উপস্থাপন কৰিছে। চলচ্চিত্ৰখন এখন জীৱনীমূলক ছবি, কিন্তু পৰিচালক শ্যাম বেনেগালে সেই সময় আৰু ৰাজনৈতিক দৃশ্যপট ঐতিহাসিক সত্যৰ সৈতে উপস্থাপন কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছে।

ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম আৰু বাংলাদেশ চলচ্চিত্ৰ উন্নয়ন নিগমে যুটীয়াভাৱে ‘মুজিব- দ্য মেকিং অফ এ নেশ্যন’ বোলছবিখন প্ৰযোজনা কৰিছে। শ্বেখ মুজিবুৰ ৰহমানৰ ১০০তম জন্ম জয়ন্তীৰ আৰম্ভণি উপলক্ষে চলচ্চিত্ৰখন ঘোষণা কৰা হৈছিল আৰু তেওঁৰ ১০২ তম জন্ম জয়ন্তীত ছবিখন সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰা হৈছিল।

FOCSbJ0VcAA6u5E

চলচ্চিত্ৰখনৰ পৰিচালক শ্যাম বেনেগালে কয় যে শ্বেখ মুজিবুৰ ৰহমানৰ দৰে এজন মহান ব্যক্তিত্বৰ জীৱন পৰ্দালৈ অনাটো সহজ কাম নহয়। ছবিখনক নিজৰ বাবে এক অতি আৱেগিক অভিজ্ঞতা বুলি অভিহিত কৰি বেনেগালে কয় যে তেওঁ তথ্যৰ সৈতে কোনো ধৰণৰ খেলিমেলি নকৰাকৈ ছবিখন নিৰ্মাণ কৰিছে।

মুজিব ভাৰতৰ এজন মহান বন্ধু আছিল আৰু বেনেগালে আশা কৰিছে যে ছবিখনৰ পোষ্টাৰে নিশ্চিতভাৱে মানুহৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হ’ব।

FOHUJFBVUAg1NtC

অভিনেতা আৰিফিন শুভুৱে ‘মুজিব- দ্য মেকিং অফ এ নেশ্যন’ বোলছবিখনত শ্বেখ মুজিবুৰ ৰহমানৰ চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখনৰ পোষ্টাৰ মুকলি অনুষ্ঠানত ভাষণ দি তেওঁ কয়, “পৰ্দাত মুজিবৰ চৰিত্ৰত অভিনয় কৰাটো আৰম্ভণিৰে পৰা মোৰ বাবে অতি আকৰ্ষণীয় অভিজ্ঞতা হৈ আহিছে। এইটো এটা সপোন সঁচা হোৱাৰ দৰে। এই ছবিখনৰ অংশ হোৱা আৰু চিনেমাৰ কিংবদন্তী হৈ পৰা শ্যাম বেনেগালৰ দৰে পৰিচালক হোৱাটো মোৰ বাবে এক ডাঙৰ সন্মান। এই চলচ্চিত্ৰখনে মোৰ বাবে আৰু মোৰ দেশৰ বাবে কি বুজায়, মই শব্দত ক’ব নোৱাৰো। মই কেৱল আশা কৰিব পাৰোঁ যে মই এই চৰিত্ৰটোৰ সৈতে ন্যায় কৰিছো।’

FOR7oWRUcAE5gwT

ছবিখনত আৰিফিন শুভুৰ উপৰিও নুছৰত ইমৰোজ তিছা, ফজলুৰ ৰহমান বাবু, চঞ্চল চৌধুৰী আৰু নুছৰত ফাৰিয়াই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ছবিখন যুটীয়াভাৱে অতুল তিৱাৰী আৰু শ্বামা জৈদীয়ে লিখিছে।

অভিনেতা বিকি কৌশলৰ পিতৃ শ্যাম কৌশলে ছবিখনত একচন ডাইৰেকশ্বনৰ কাম হাতত লৈছে। ছবিখনৰ বেছিভাগ টেকনিচিয়ান ভাৰতৰ, যাৰ ভিতৰত আছে চিনেমাটোগ্ৰাফ আকাশদীপ, ভিডিঅ’ এডিটৰ অসীম সিনহা, সুৰকাৰ শান্তনু মৈত্ৰা ইত্যাদি।

লগতে চাওকঃ

প্ৰতিজন ভাৰতীয়ক দ্য কাশ্মীৰ ফাইলছ্ কথাছবি দৰ্শনৰ বাবে আহ্বান আমিৰ খানৰ

G2 27

Leave a Reply

Your email address will not be published. Required fields are marked *