এইবাৰ পাণবজাৰ থানাত উপস্থিত হৈ ‘মধ্যভােগী’ৰ ‘তথ্য’ দিলে ভিক্টৰ দাসৰ ছাত্ৰ অম্লানজ্যোতি দত্তই

নিউজ ডেস্কঃ দুৰ্নীতি নে উৰা বাতৰি তাক লৈ এতিয়া তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্য।

চৰকাৰে অতি নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰা বুলি দাবী কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাস নামৰ এগৰাকী শিক্ষকে।

কিন্তু শুকুৰবাৰে নিশা অভিযোগকাৰী ভিক্টৰ দাসকে গ্ৰেপ্তাৰ কৰিলে মহানগৰ আৰক্ষীয়ে।

আৰক্ষীৰ দাবী- অভিযোগ সম্পৰ্কে কোনো তথ্য প্ৰদান কৰিব পৰা নাই ভিক্টৰে। সেয়ে তেওঁ কৰা অভিযোগ উৰা বাতৰি বুলি প্ৰতিপন্ন কৰি গ্ৰেপ্তাৰ কৰা হ’ল।

photo1662884940
এইবাৰ পাণবজাৰ থানাত উপস্থিত হৈ 'মধ্যভােগী'ৰ 'তথ্য' দিলে ভিক্টৰ দাসৰ ছাত্ৰ অম্লানজ্যোতি দত্তই 3

ইফালে ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ পিছতে নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত কেলেংকাৰী সন্দৰ্ভত পুনৰ বিস্ফোৰণ ঘটালে কেইবাজনে। সামাজিক মাধ্যমত এই কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে বহুজনে।

ইয়াৰ মাজতে ভিক্টৰ দাসৰ ছাত্ৰ অম্লানজ্যোতি দত্ত নামৰ যুৱকজনেও উত্থাপন কৰিছিল দুৰ্নীতিৰ অভিযোগ।

অম্লানজ্যোতিৰ অভিযোগৰ পিছতে তেওঁক থানালৈ তলব কৰে পাণবজাৰ আৰক্ষীয়ে। যাৰ বাবে দেওবাৰে পাণবজাৰ আৰক্ষী থানাত উপস্থিত হৈ পুনৰ অভিযোগ সন্দৰ্ভত সৰৱ হৈ পৰা দেখা গ’ল অম্লানজ্যোতিক।

তেওঁৰ হাতত থকা ফোন নম্বৰ আৰু ষ্ক্ৰীণশ্বট ইতিমধ্যে আৰক্ষীক প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে অম্লানজ্যোতিয়ে।

লগতে তেওঁ আক্ষেপ ব্যক্ত কৰে যে যদি সেই ফোন নম্বৰ আৰু ষ্ক্ৰীণশ্বট অভিযোগৰ প্ৰমাণ বুলি আৰক্ষীয়ে নাভাৱে, তেন্তে আৰু কি প্ৰমাণ বিচাৰে আৰক্ষীয়ে?

অভিযোগকাৰীকে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে আৰক্ষীৰ ভূমিকা।

অভিযোগৰ শিপা নিবিচৰাকৈ কেৱল নিজৰ ভুল গাপ দিয়াৰ স্বাৰ্থতেই আৰক্ষীয়ে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা বুলিও আন একাংশই অভিযোগ কৰিছে।

লগতে চাওকঃ

এইখন কিবা জেমছ বণ্ডৰ চিনেমা নেকি যে গাড়ীৰ নম্বৰ দিলেই হৈ যাবঃ ভিক্টৰৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

photo1662890022
এইবাৰ পাণবজাৰ থানাত উপস্থিত হৈ 'মধ্যভােগী'ৰ 'তথ্য' দিলে ভিক্টৰ দাসৰ ছাত্ৰ অম্লানজ্যোতি দত্তই 4