এইখন কিবা জেমছ বণ্ডৰ চিনেমা নেকি যে গাড়ীৰ নম্বৰ দিলেই হৈ যাবঃ ভিক্টৰৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্কঃ অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস! তাৰ পিছতে এতিয়া সামজিক মাধ্যমত তীব্ৰতৰ হৈ পৰিছে প্ৰতিক্ৰিয়া। আৰক্ষীয়ে কৈছে- অভিযোগ সম্পৰ্কে কোনো তথ্য প্ৰদান কৰিব পৰা নাই ভিক্টৰ দাসে। যাৰ বাবে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা, উৰা বাতৰি বিয়পোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক।

এইবাৰ ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেইটামান সংবাদ মাধ্যম আৰু ৰাজনৈতিক দলে ৰাজ্য চৰকাৰৰ এক লাখ চাকৰি বন্ধ কৰিবলৈ উঠিপৰি লাগিছে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

তেওঁৰ মতে, পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত হৈছে। ফলাফলৰ পিছত পানী-পানী আৰু গাখীৰ-গাখীৰ হৈ পৰিব। একাংশই ৮ লাখ যুৱক-যুৱতীৰ জীৱনৰ সৈতে খেলি নিযুক্তি পৰীক্ষা বন্ধ কৰিব বিচাৰে।

এই পৰীক্ষাত মুকেশ আম্বানীৰ পুতেকে চাকৰি নাপায়, বৰঞ্চ গাঁৱত পকৰি বিক্ৰী কৰা ল’ৰা-ছোৱালীয়েহে চাকৰি পাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অন্যহাতে ভিক্টৰ দাসে শনিবাৰে এখন গাড়ীৰ নম্বৰ উল্লেখ কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয়- ‘এইখন কিবা জেমছ বণ্ডৰ চিনেমা নেকি যে গাড়ীৰ নম্বৰ ক’লেই হৈ যাব। কোনোবাই টুইট কৰি প্ৰাক্তন বিধায়কৰ কথা কৈছে। কিন্তু নাম সুধিলে কেনেকৈ ক’ব নোৱাৰে।’

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ ২৬ হাজাৰ নিযুক্তিৰ নামত একাংশই বৃহৎ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে। তেওঁ টুইটাৰত অভিযোগ কৰিছিল যে একাংশই চাকৰি প্ৰদানৰ নামত ৩-৮ লাখ টকা পৰ্যন্ত দাবী কৰিছে। ইয়াৰ সৈতে প্ৰাক্তন বিধায়ক জড়িত থকা বুলিও অভিযোগ কৰিছিল ভিক্টৰে।

কিন্তু এই অভিযোগ সম্পৰ্কে কোনো তথ্য প্ৰদান কৰিব নোৱাৰা বুলি দাবী কৰি পাণবজাৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে ভিক্টৰক। বৰ্তমান ৭ দিনৰ আৰক্ষী জিম্মাত আছে ভিক্টৰ দাস।

1 thought on “এইখন কিবা জেমছ বণ্ডৰ চিনেমা নেকি যে গাড়ীৰ নম্বৰ দিলেই হৈ যাবঃ ভিক্টৰৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ”

Comments are closed.