অসমীয়াঅসম

শোকাবহ! সশস্ত্ৰ সীমা বাহিনীৰ কাৰ্যালয়ত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

নিউজ ডেস্কঃ তেজপুৰৰ সশস্ত্ৰ সীমা বাহিনীৰ কাৰ্যালয়ত বিদ্যুতৰ কাম কৰিবলৈ গৈ প্ৰাণ হেৰুৱাবলগীয়া হয় এজন যুৱকে। এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, তেজপুৰ মহাবিদ্যালয়ৰ সমীপতে থকা এছএছবিৰ কাৰ্যালয়ত বেয়া হৈ থকা বিদ্যুতৰ কাম কৰিবলৈ গৈছিল তেজপুৰ লালমাটিৰ গোপাল শইকীয়া নামৰ যুৱকজনে।

কিন্তু নিজৰ কাম কৰি থকা সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে যুৱকজনৰ।

photo1662886751

ইফালে যুৱকজনক ফোন কৰি বিদ্যুতৰ কাম কৰিবলৈ মাতি নিয়া দিগন্ত সেন গুপ্তা নামৰ ঠিকাদাৰ জনে ঘটনাৰ পিছতে পলায়ন কৰে।

যাৰ বাবে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়াল তথা স্থানীয় লোকে।

এছএছবিৰ কাৰ্যালয়ত যুৱকজনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটাক লৈ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে।