ভিক্টৰৰ পিছত এইবাৰ অম্লানজ্যোতিক তলব আৰক্ষীৰ…

নিউজ ডেস্ক। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামৰ এটা চক্ৰই টকাৰ লেনদেন কৰাৰ অভিযােগ টুইটাৰৰ জৰিয়তে আৰক্ষীক প্ৰদান কৰি ৰঙাঘৰৰ আলহী হ’ল ভিক্টৰ দাস।

সম্প্ৰতি ন্যায়িক জিম্মাত থকা ভিক্টৰ দাসৰ এজন ছাত্ৰ অম্লানজ্যোতি দত্তই অনুৰূপ ধৰণে অভিযােগ উত্থাপন কৰি চৰ্চালৈ আহিছে।

G2 4
ভিক্টৰৰ পিছত এইবাৰ অম্লানজ্যোতিক তলব আৰক্ষীৰ... 2

যােৰহাটৰ অম্লানজ্যােতি দত্ত নামৰ এই ছাত্ৰজনকাে এইবাৰ তলব কৰিছে পাণবজাৰ আৰক্ষীয়ে।

অম্লানজ্যােতিয়ে ফেচবুকৰ জৰিয়তে নিযুক্তি পৰীক্ষাক লৈ প’ষ্ট কৰিছিল।

ইয়াৰ লগতে সংবাদ মাধ্যমৰ আগতো মন্তব্য কৰি এটা দালাল চক্ৰই চাকৰিৰ নামত বিভিন্নজন সৈতে যােগাযােগ কৰাৰ লগতে ধন লোৱাৰাে কথা কৈছিল অম্লানে।