মণিপুৰ

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত, ২ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ সহ চাৰিজনক গ্ৰেপ্তাৰ…

নাৰ্কোটিক্স এণ্ড বৰ্ডাৰ এফেয়াৰ্ছ (এনএবি)ৰ সফলতা।

বিভাগে চলোৱা অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ।

বৃহস্পতিবাৰে বিভাগৰ এটা দলে দুই কোটি টকাৰ ড্ৰাগছ চোৰাং ব্যৱসায় কৰাৰ অভিযোগত মণিপুৰত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই সন্দৰ্ভত টুইটাৰত কয়, “ৰাজ্য চৰকাৰে বৃহৎ ড্ৰাগছ ৰেকেট নিষ্ক্ৰিয় কৰাত যথেষ্ট সফলতা অৰ্জন কৰিছে।”

মুখ্যমন্ত্ৰীৰ মতে, সন্দেহজনক নিষিদ্ধ সামগ্ৰী সমূহ আছিল ক্ৰিষ্টাল মেথাম্ফেটামিন টেবলেট।

যাৰ ওজন প্ৰায় ১ কিলোগ্ৰাম আছিল। এই সমূহ চুবুৰীয়া ম্যানমাৰৰ পৰা চোৰাংকৈ অনা বুলি সন্দেহ কৰা হৈছে।

সিঙে লগতে কয় যে, ড্ৰাগছৰ টোপোলা লাভ কৰা আন এজন ব্যক্তিকো চেকমাইৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

পৰৱৰ্তী অনুসন্ধানৰ বাবে এটা গোচৰ ৰুজু কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *