চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ডত ১০ জন ক’ভিড ৰোগীৰ মৃত্যু

নিউজ ডেস্ক। চিকিৎসালয়ৰ আইচিইউত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু হয় কমেও ১০ জন কভিড ৰোগী। তাৰ বিপৰীতে গুৰুতৰভাৱে দগ্ধ হয় এজন।

এই ঘটনা শনিবাৰে পুৱা সংঘটিত হয় মহাৰাষ্ট্ৰৰ আহমেদনগৰ চহৰৰ জিলা অসামৰিক চিকিৎসালয়ৰ আইচিইউত।

জানিব পৰা মতে, চিকিৎসালয়খনৰ আইচিইউত প্ৰায় ২০ জন কভিড ৰোগী চিকিৎসাধীন হৈ আছিল। কিন্তু পুৱা ১১ মান বজাত হঠাতে আইচিইউত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

মূহুৰ্ততে সমগ্ৰ কোঠাটোত জুই বিয়পি পৰে। যাৰ ফলত অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰে ১০ জন চিকিৎসাধীন ৰোগীয়ে।

এই সন্দৰ্ভত আহমেদনগৰৰ জিলা উপায়ুক্ত ৰাজেন্দ্ৰ ভোচালে নিশ্চিত কৰে যে এই অগ্নিকাণ্ডত ১০ জন ৰোগীৰ মৃত্যু হয়। য’ত এজন ৰোগীও গুৰুতৰভাৱে আহত হয়। মৃতদেহ সমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় আৰু তেওঁলোকৰ মৃত্যুৰ কাৰণ শ্বাসৰুদ্ধ হোৱাৰ ফলত হৈছিল নে চিকিৎসাত অক্সিজেন যোগানত ব্যাঘাত হোৱা বাবে হৈছিল, অনুসন্ধান কৰা হৈছে।

আহমেদনগৰ পৌৰ নিগমৰ মুখ্য অগ্নি নিৰ্বাপক বিষয়া শংকৰ মিছালে কয় যে, জুই লগাৰ পিছত তাৎক্ষণিকভাৱে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ আৰু অগ্নি নিৰ্বাপন অভিযান আৰম্ভ কৰে।

দুপৰীয়া প্ৰায় ১.৩০ বজাত জুই নুমোৱা হৈছিল আৰু শীতলকৰণ কাৰ্য চলে। মিছালে লগতে কয় যে এই অগ্নিকাণ্ডৰ আঁৰৰ কাৰণ শ্বৰ্ট চাৰ্কিট বুলি সন্দেহ কৰা হৈছে।

এজন আৰক্ষী বিষয়াই জনোৱা অনুসৰি, অগ্নিকাণ্ডৰ পিছত আঘাতপ্ৰাপ্ত ৰোগীসকলক ততাতৈয়াকৈ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, য’ত তেওঁলোকৰ ১০ জনক মৃত বুলি ঘোষণা কৰা হয়।

লগতে চাওকঃ প্ৰেৰণাদায়ক! ১২৫ বছৰীয়া বৃদ্ধই ল’লে ক’ভিডৰ দুয়ো পালি ভেকচিন, দেশৰ আটাইতকৈ বৃদ্ধ ব্যক্তি বুলি দাবী স্বাস্থ্য বিভাগৰ…

Leave a Comment