ৰাজহুৱাকৈ অপদস্থৰ সন্মুখীন হৈ চৰম পথ বাচি লৈছিল স্বাস্থ্যকৰ্মী শিখা শইকীয়াই! আটক গগৈ দম্পতীক

নিউজ ডেস্কঃ এগৰাকী মহিলাৰ দ্বাৰাই ৰাজহুৱাকৈ অপদস্থৰ সন্মুখীন হৈ আত্মহত্যাৰ দৰে চৰম পথ বাচি লৈছিল শিৱসাগৰ জিলাৰ আমগুৰিৰ শিখা শইকীয়া নামৰ স্বাস্থ্যকৰ্মীগৰাকীয়ে।

যোৱা ২৩ জুনত আমগুৰি ঘাটৰ দলঙৰ ওপৰত নিজৰ স্কুটিখন ৰখাই থৈ দিখৌৰ বুকুত জঁপিয়াই ৰহস্যজনকভাৱে আত্মহত্যা কৰিছিল এটি সন্তানৰ মাতৃ স্বাস্থ্যকৰ্মী শিখা শইকীয়াই।

image 61
ৰাজহুৱাকৈ অপদস্থৰ সন্মুখীন হৈ চৰম পথ বাচি লৈছিল স্বাস্থ্যকৰ্মী শিখা শইকীয়াই! আটক গগৈ দম্পতীক 8

ইফালে শিখাৰ মৃত্যুৰ পিছতে তেওঁৰ কোঠাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এখন চুইছাইড নোট।

সেই নোটখনত লিখা আছিল তেওঁ আত্মহত্যা কৰাৰ কাৰণ।

image 62
ৰাজহুৱাকৈ অপদস্থৰ সন্মুখীন হৈ চৰম পথ বাচি লৈছিল স্বাস্থ্যকৰ্মী শিখা শইকীয়াই! আটক গগৈ দম্পতীক 9

এহাল দম্পতীৰ দ্বাৰা ৰাজহুৱা অপদস্থৰ বলি হৈ মানসিকভাৱে ভাগি পৰা শিখাই আত্মহত্যাৰ পথ বাচি লোৱা বুলি উল্লেখ কৰিছিল চুইছাইড নোটখনত।

image 63
ৰাজহুৱাকৈ অপদস্থৰ সন্মুখীন হৈ চৰম পথ বাচি লৈছিল স্বাস্থ্যকৰ্মী শিখা শইকীয়াই! আটক গগৈ দম্পতীক 10

শিৱসাগৰৰ লালীম গাঁৱৰ নিৱাসী নিৰীক্ষিত গগৈ আৰু ডেইজী ৰাভা গগৈ নামৰ দম্পতীহলৰ নাম উল্লেখ আছিল শিখা শইকীয়াৰ চুইছাইড নোটত।

photo1657178074
ৰাজহুৱাকৈ অপদস্থৰ সন্মুখীন হৈ চৰম পথ বাচি লৈছিল স্বাস্থ্যকৰ্মী শিখা শইকীয়াই! আটক গগৈ দম্পতীক 11

ডেইজী ৰাভা গগৈ

মৃত শিখাৰ এই চুইছাইড নোটৰ ভিত্তিতেই অৱশেষত আৰক্ষীয়ে অভিযান চলাই আটক কৰে দম্পতীহালক।

photo1657178046 1
ৰাজহুৱাকৈ অপদস্থৰ সন্মুখীন হৈ চৰম পথ বাচি লৈছিল স্বাস্থ্যকৰ্মী শিখা শইকীয়াই! আটক গগৈ দম্পতীক 12

নীৰিক্ষিত গগৈ

২৪ জুনৰ পৰা পলাতক হৈ থকা নীৰিক্ষিত গগৈ আৰু ডেইজী ৰাভা গগৈক তিনিচুকীয়াৰ পৰা আটক কৰে আৰক্ষীয়ে।

বৰ্তমান গগৈ দম্পতীকক শিৱসাগৰ সদৰ থানাত আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে জয়সাগৰৰ পংকজ গায়ন নামৰ এজন যুৱকৰ সৈতে শিখা বিবাহপাশত আবদ্ধ হয় যদিও এটি পুত্ৰ সন্তান জন্মৰ পিছতে তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।

কালুগাঁৱৰ উপ-স্বাস্থ্যকেন্দ্ৰৰ কৰ্মচাৰী শিখা শইকীয়াৰ পিতৃ অপূৰ্ব শইকীয়াইও ১৫ বছৰ পূৰ্বে আমগুৰি ঘাটৰ দিখৌ দলঙৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল।

লগতে চাওকঃ

শ্ৰেণীকোঠাত চিনেমাৰ কায়দাৰে ছাত্ৰীক গোলাপ উপহাৰ দি ‘প্ৰেম নিবেদন’ শিক্ষকৰ, তাৰ পিছত…

photo1657184178
ৰাজহুৱাকৈ অপদস্থৰ সন্মুখীন হৈ চৰম পথ বাচি লৈছিল স্বাস্থ্যকৰ্মী শিখা শইকীয়াই! আটক গগৈ দম্পতীক 13

শোকাবহ! নৈত গা ধুবলৈ গৈ কোকৰাঝাৰ ইঞ্জিনীয়াৰিং কলেজৰ ছাত্ৰ সন্ধানহীন

gaurang river
ৰাজহুৱাকৈ অপদস্থৰ সন্মুখীন হৈ চৰম পথ বাচি লৈছিল স্বাস্থ্যকৰ্মী শিখা শইকীয়াই! আটক গগৈ দম্পতীক 14

1 thought on “ৰাজহুৱাকৈ অপদস্থৰ সন্মুখীন হৈ চৰম পথ বাচি লৈছিল স্বাস্থ্যকৰ্মী শিখা শইকীয়াই! আটক গগৈ দম্পতীক”

Comments are closed.