উৎকট গৰম! সমনীয়াৰ সৈতে দৈয়াঙত গা ধুবলৈ গৈ সলিল সমাধি কিশোৰৰ

নিউজ ডেস্কঃ নৈত গা ধুবলৈ গৈ গোলাঘাটৰ বৰপথাৰত এগৰাকী ১৫ বছৰীয়া কিশোৰ সন্ধানহীন হৈ পৰাৰ ঘটনাই অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, বৰপথাৰ গোলাবিল অঞ্চলত দৈয়াং নদীত গা ধুবলৈ গৈ বুধবাৰে বিয়লি ৫ বজাৰ পৰা সন্ধানহীন হৈ আছে কিশোৰজন।

খবৰ অনুসৰি, বুধবাৰে বিয়লি চাৰি বন্ধুৰ সৈতে দৈয়াং নৈত গা ধুবলৈ গৈছিল ৰেংমাগান গাঁৱৰ বুধু চাহুৰ পুত্ৰ তথা গেলাবিলৰ সাৰথি একাডেমিৰ দশম শ্ৰেণীৰ ছাত্ৰ নীতিন চাহুৱে।

photo1657179134
উৎকট গৰম! সমনীয়াৰ সৈতে দৈয়াঙত গা ধুবলৈ গৈ সলিল সমাধি কিশোৰৰ 2

নৈত নামি গা ধুই থকাৰ সময়তে দ পানীত সাঁতুৰিব নজনাৰ বাবে ডুব যায় ছাত্ৰজন। ইয়াৰ পিছতে আন সমনীয়া কেইজনে পৰিয়াল আৰু আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাদীশ উপস্থিত হয়।

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে দৈয়াং নৈত কিশোৰজনৰ সন্ধানত উদ্ধাৰ অভিযান চলাই আছে যদিও এতিয়ালৈকে সম্ভেদ লাভ কৰা নাই নীতিনৰ।

উৎকট গৰমৰ বাবে নৈত গা ধুবলৈ গৈ এনেদৰে এজন কিশোৰৰ সলিল সমাধি ঘটা ঘটনাই সমগ্ৰ অঞ্চলটো শোকস্তব্ধ কৰি তুলিছে।