কাগজ কলৰ কৰ্মচাৰীলৈ সুখবৰ! আজি লাভ কৰিব আৰ্থিক সাহায্য…

নগাঁও আৰু কাছাৰ কাগজ কৰ্মচাৰীলৈ সুখবৰ

পাঁচটা বছৰৰ পিছত অৱশেষত কাগজ কলৰ কৰ্মচাৰীলৈ আজি লাভ কৰিব আৰ্থিক সাহায্য।

নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ বাবে ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য।

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আনুস্থানিক ভাৱে প্ৰদান কৰা হ’ব অৰ্থ সাহায্য।

২,৭১৫ কৰ্মচাৰীলৈ ৮১০.০২ কোটি টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

আনহাতে ৮৪ গৰাকী ব্যক্তিক অসম চৰকাৰৰ অধিনত পুনৰ সংস্থাপনৰো ব্যৱস্থা কৰা হৈছে।

বিগত ৫ বছৰে দুইটা কাগজ কলৰ কৰ্মচাৰীয়ে পোৱা নাছিল দৰমহা।

এই সময়চোৱাত প্ৰায় ১০০০ জন কৰ্মচাৰীৰ মৃত্যুও হয়।