মণিপুৰঅসমীয়াৰাষ্ট্ৰীয়

কৰ্তব্যৰত অৱস্থাত মৃত্যু আছাম ৰাইফলছৰ জােৱানৰ

নিউজ ডেস্ক। কৰ্তব্যৰত অৱস্থাত মৃত্যু আছাম ৰাইফলছত কৰ্মৰত এগৰাকী সেনা জােৱানৰ।

মণিপুৰত কৰ্তব্যৰত নৰেশ চিৱাচ নামৰ জােৱানজন হৃদৰােগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু ঘটে।

p6 1

মৃত্যুৰ সময়ত জােৱানজনৰ বয়স আছিল ৪২ বছৰ।

শ্বহীদ জােৱানজনৰ ঘৰ হাৰয়ানাৰ ৰােহতকৰ সমীপৱৰ্তী চৈমাণ নামৰ গাঁৱত বুলি জানিব পৰা গৈছে।

মৃত্যুৰ সময়ত পত্নীৰ লগতে পুত্ৰ প্ৰবীণ আৰু কন্যা প্ৰীতিক ইহ সংসাৰত এৰি থৈ গ’ল।

p7

বুধবাৰে সহস্ৰাধিক লােকৰ উপস্থিতিত সামৰিক মৰ্যাদাৰে ওপজা গাঁওখনত জােৱানজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

জােৱানজনৰ মৃত্যুৰ খবৰে তেওঁৰ ওপজা গাঁওখনত গভীৰ শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত পুনৰ মৃত্যু ভাৰতীয় ছাত্ৰৰ!

G01

Leave a Reply

Your email address will not be published. Required fields are marked *