অসমঅসমীয়া

মুখ্যমন্ত্ৰীক সাক্ষাৎ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতাৰ

নিউজ ডেস্ক। ভাৰতীয় সেনাৰ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী পদত অধিষ্ঠিত অসমৰ সুসন্তান ৰাণা প্ৰতাপ কলিতাই আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰক সাক্ষাৎ কৰে।

দিছপুৰত অনুষ্ঠিত এই সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে ফুলাম গামােচা আৰু ফুলৰ থােপাৰে শীৰ্ষ সেনা বিষয়াগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া-জােৱানৰসকলৰ কল্যাণৰ লগতে তেওঁলােকৰ পৰিয়ালৰ কল্যাণৰ হকে বিভিন্ন বিষয়ত মুখ্যমন্ত্ৰীয়ে ৰাণা প্ৰতাপ কলিতাৰ সৈতে আলােচনা কৰে।

FM2K3kZagAIYALc

লগতে ভাৰত চৰকাৰৰ ‘আজাদী কা অমৃত মহােৎসৱ’ৰ লগত সংগতি ৰাখি ১৯৭১ চনৰ যুদ্ধত অংশ লােৱা সেনা জােৱান আৰু তেওঁলােকৰ পৰিয়ালৰ লােক সম্বৰ্ধনা জনােৱাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে।

এই কথা টুইট কৰি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে অচিৰেই এই উদ্দেশ্যে সম্বৰ্ধনা অনুষ্ঠানৰ আয়ােজন কৰিব বুলি ব্যক্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *