কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ! উত্তৰ-পূবৰ এইখন ৰাজ্যত সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশনা…

দেশত পুনৰ ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।

অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহতো প্ৰতিদিনে ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।

মণিপুৰটো উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণৰ সংখ্যা।

যাৰ পৰিপেক্ষিতত মণিপুৰ চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ক’ভিডৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে ৰাজ্যখনত সকলো চৰকাৰী, বে-চৰকাৰী শিক্ষানুষ্ঠান সমূহ বন্ধৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে।

ৰাজ্যখনত চলিত মাহৰ ২৪ তাৰিখলৈকে বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান।

উল্লেখ্য যে, ৰাজ্য খনৰ শিক্ষানুষ্ঠান সমূহ গ্ৰীষ্ম বন্ধৰ বাবে জুলাই ১৬ তাৰিখে পুনৰ খোলাৰ কথা আছিল যদিও কৰ’ণাৰ বাবে এতিয়া এই বন্ধৰ দিন বৃদ্ধি পাব।

মণিপুৰৰ মূখ্যমন্ত্ৰীয়ে বুধবাৰে পুৱা এই জাননী জাৰী কৰিছে।