পুনৰ ৰক্তাক্ত কাশ্মীৰ! সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ আৰক্ষী বিষয়া, আহত আন ২জন

নিউজ ডেস্কঃ পুনৰ ৰক্তাক্ত হৈ পৰিছে ভূস্বৰ্গখ্যাত কাশ্মীৰ। শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হয় এগৰাকী আৰক্ষী বিষয়া। আনহাতে, সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে আন দুগৰাকী আৰক্ষী জোৱান। আহত সকলক ততাতৈয়াকৈ স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয়।

ইফালে আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আছে সমগ্ৰ অঞ্চলটোত।

জানিব পৰা মতে, মঙলবাৰে শ্ৰীনগৰৰ লালবজাৰ অঞ্চলৰ জি ডি গোয়েংকা বিদ্যালয়ৰ গাতে লাগি থকা অঞ্চলটোত আৰক্ষীৰ এটা দলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই আছিল। সেই সময়ত হঠাতে সন্ত্ৰাসবাদীৰ এটা দলে আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়।

image 116
পুনৰ ৰক্তাক্ত কাশ্মীৰ! সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ আৰক্ষী বিষয়া, আহত আন ২জন 3

সন্ত্ৰাসবাদীৰ আকস্মিক আক্ৰমণত শ্বহীদ হয় কাশ্মীৰ আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক মুস্তাক আহমেদক। ইফালে আহত আন দুগৰাকী আৰক্ষী জোৱানক লগে লগে হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত গুলীৰে প্ৰত্যুত্তৰ দিয়ে যদিও পলায়ন কৰিবলৈ সক্ষম হয় সন্ত্ৰাসবাদীৰ দলটোৱে।

উল্লেখযোগ্য যে এপ্ৰিল মাহৰ পৰা কাশ্মীৰত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। সন্ত্ৰাসবাদীয়ে প্ৰথমে এটা চৰকাৰী কাৰ্যালয়ত প্ৰৱেশ কৰি এজন কাশ্মীৰী পণ্ডিতক গুলীয়াই হত্যা কৰে। সেই ঘটনাৰ পাছতে পুনৰ উত্তপ্ত হৈ পৰে কাশ্মীৰ।

image 117
পুনৰ ৰক্তাক্ত কাশ্মীৰ! সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ আৰক্ষী বিষয়া, আহত আন ২জন 4

ইফালে পৰৱৰ্তী সময়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ লগতে আন কেইবাগৰাকীও কাশ্মীৰী পণ্ডিত আৰু স্থানীয় নিৱাসীয়ে প্ৰাণ হেৰুৱায়।

অন্যহাতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা আৰু আৰক্ষীয়ে অভিযান চলাই যোৱা জুন মাহৰ পৰা শতাধিক সন্ত্ৰাসবাদীক নিধন কৰিবলৈ সক্ষম হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। কিন্তু তাৰ পিছতে ভূস্বৰ্গ কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ বৰ্তমানো অব্যাহত আছে।