কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ ৩ দিনীয়া ‘জন আশীৰ্বাদ যাত্ৰা’

নিউজ ডেস্ক। কেন্দ্ৰীয় আইন মন্ত্ৰী তথা পশ্চিম অৰুণাচল প্ৰদেশ সমষ্টিৰ লোকসভাৰ সাংসদ কিৰেন ৰিজিজুৱে আৰম্ভ কৰিব বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’।

১৯ আগষ্টৰ পৰা তেওঁৰ গৃহ ৰাজ্য অৰুণাচল প্ৰদেশত তেওঁ আৰম্ভ কৰিব এই যাত্ৰাৰ।

ৰাজ্যিক বিজেপি কাৰ্যালয়ে জনোৱা অনুসৰি, এই যাত্ৰাই ৰাজ্যখনৰ ৬ খন জিলাক সামৰি ল’ব। যিটো ১৯ আগষ্টত ৰাজধানী ইটানগৰৰ পৰা আৰম্ভ হৈ ২১ আগষ্টত নামচাইত শেষ হব।

আন জিলাসমূহ ক্ৰমে পাপুম পাৰে, নামনি ছিয়াং, পশ্চিম ছিয়াং আৰু লোহিত। বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা।

এই কাৰ্যসূচীৰ অংশ হিচাপে ৰিজিজুৱে ৰাজ্যখনৰ জ্যেষ্ঠ ব্যক্তি সকলৰ ঘৰে ঘৰে গৈ আশীৰ্বাদ গ্ৰহণ কৰিব।

ইয়াৰোপৰি তেওঁ লগ কৰিব বুদ্ধিজীৱী, ছাত্ৰ সংগঠনৰ নেতা সকল, বিভিন্ন সংগঠনৰ নেতা, স্বেচ্ছাসেৱী সংগঠন সমূহ, সমাজ সেৱক আৰু শিক্ষাবিদ সকলক। যিসকলৰ পৰা তেওঁ পৰামৰ্শ আৰু মন্তব্য গ্ৰহণ কৰিব।

তেওঁ ৫ খন জন অন্তৰংগ অনুষ্ঠানতো অংশ ল’ব। প্ৰথমখন অনুষ্ঠান দর্জী খান্দু ৰাজ্যিক সন্মিলন কেন্দ্ৰত ১৯ আগষ্টত অনুষ্ঠিত হ’ব।

২০ আগষ্টত অনুষ্ঠিত হ’ব লিকাবালি আৱৰ্ত ভৱন আৰু পাছিঘাট আৱৰ্ত ভৱনত। ৰয়িং আৱৰ্ত ভৱন আৰু লেখাপানি গোল্ডেন পাগোদাত অনুষ্ঠিত হ’ব ২১ আগষ্টত।

Leave a Comment