মাত্ৰ এজন ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হােৱাৰ পাছতে লকডাউন ঘােষণা নিউজিলেণ্ডত!

নিউজ ডেস্ক। প্ৰায় ৬ মাহৰ পাছত মাত্ৰ এজন ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হােৱাৰ পাছতে কঠােৰ সিদ্ধান্ত ল’লে নিউজিলেণ্ড চৰকাৰে।

এই ৰােগৰ সম্ভাব্য সংক্ৰমণ ৰােধৰ স্বাৰ্থতে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰিছে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে।

উল্লেখ্য যে নিউজিলেণ্ডৰ সৰ্ববৃহৎ মহানগৰী অকলেণ্ডত এই ক’ৰনা আক্ৰান্তজনক চিনাক্ত কৰা হৈছে।

ক’ৰনা আক্ৰান্তজন চিনাক্ত হোৱাৰ পাছতে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ডেচিণ্ডা আৰ্ডেনে সমগ্ৰ দেশতে তিনিদিনৰ বাবে লকডাউন ঘোষণা কৰে।

টেলিভিশ্যনৰ জৰিয়তে লকডাউন ঘোষণা কৰি নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ ক’ৰনাত আক্ৰান্ত লোকজনৰ দেহত ক’ৰনা ভাইৰাছৰ ডেল্টা সংস্কৰণ ধৰা পৰিছে।

অতি সংক্ৰামক ক’ৰনাৰ ডেল্টা সংস্কৰণক তেওঁ সহজে ল’ব নোৱাৰে।

Leave a Comment