অসমীয়াঅসমখেল

বিজয়ৰ হাঁহি লৈ ঘৰলৈ উভতিল জিণ্টিমণি! WPLত খেলাৰ সুযোগ পোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া ছোৱালী….

নিউজ ডেস্কঃ খেলৰ পৃথিৱীত নক্ষত্ৰ হৈ উজ্বলি উঠাৰ হাবিয়াস থকা এগৰাকী সম্ভৱনাময়ী অসম কন্যাই প্ৰথমবাৰৰ বাবে খেলাৰ সুযোগ লাভ কৰিলে মহিলা প্ৰিমিয়াৰ লীগত।

মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলৰ সুযোগ পাই দলটোৰ বিজয়ৰ সমভাগী হ’ল অসম কন্যাগৰাকী।

তাৰ পিছতে যেতিয়া তেওঁ বিজয়ৰ হাঁহি লৈ ঘৰলৈ উভতিছিল, আনন্দৰ বন্যা নামিছিল গৃহ চহৰত।

image 139

মঙলদৈৰ এই ছোৱালীজনীৰ নাম জিণ্টিমণি কলিতা।

সৰুৰে পৰাই ক্ৰিকেট খেলি ভালপোৱা জিণ্টিমণি ভাৰতীয় ১৯ অনুৰ্ধ্ব মহিলা দলৰো অংশ আছিল।

দেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথমটো ছিজনতে মুম্বাই ইণ্ডিয়ানছৰ দৰে এটা শক্তিশালী দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছিল জিণ্টিমণিয়ে।

image 140

মুম্বাই ইণ্ডিয়ানছে নিলামত ১০ লাখ টকাত ক্ৰয় কৰিছিল জিণ্টিমণিক।

অলৰাউণ্ডাৰ ক্ৰিকেটাৰগৰাকীয়ে মুম্বাই ইণ্ডিয়ানছৰ হৈ বেটিং আৰু বলিঙৰ যথেষ্ট সুযোগ লাভ নকৰিলেও ফিল্ডিঙৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

বিশেষকৈ গুজৰাট জায়ান্টছৰ বিৰুদ্ধে খেলা খেলখনত এছলিগ গাৰ্ডেনৰ সেই অবিশ্বাস্য কেটচটো আয়ত্ত কৰি খেলখনত মুম্বাই ইণ্ডিয়ানছৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল জিণ্টিমণিয়ে।

পেচ বলাগৰাকীয়ে ইউপি ৱাৰিয়াৰছৰ বিৰুদ্ধে মাত্ৰ দুই ৰাণ দি এটা উইকেট সংগ্ৰহ কৰি প্ৰমাণ কৰি দেখুৱাইছিল তেওঁৰ বলিং ক্ষমতাৰ।

বেটিঙতো জিণ্টিমণিয়ে সুযোগ লাভ নকৰিলেও দুখন খেলত অপৰাজিত ৫ ৰান সংগ্ৰহ কৰিছে।

image 141

সদায় হাঁহিমুখীয়া জিণ্টিমনি মুম্বাই ইণ্ডিয়ানছৰ অন্য ক্ৰিকেটাৰ সকলৰ মাজতো আছিল বেছ জনপ্ৰিয়।

jin

সকলোকে হঁহুৱাই ৰাখিব জনা ছোৱালীজনীৰ প্ৰদৰ্শন আৰু দলটোৰ বিজয়ে আজি গৌৰৱাম্বিত কৰিছে অসমবাসীক।