অসমঅসমীয়া

ৰাষ্ট্ৰীয়তাবাদ আৰু আঞ্চলিকতাবাদ পৃথক নহয়ঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক। ৰাষ্ট্ৰীয়তাবাদ আৰু আঞ্চলিকতাবাদ পৃথক নহয়।

– মাজুলীৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত অগপ নেতা ফণীভূষণ চৌধুৰীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, দুদিন পূৰ্বে অসম গণ পৰিষদৰ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁৱত পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই অসমত শীঘ্ৰে আঞ্চলিকতাবাদৰ পুনৰ উত্থান ঘটিব বুলি মন্তব্য কৰিছিল।

G5 3
ৰাষ্ট্ৰীয়তাবাদ আৰু আঞ্চলিকতাবাদ পৃথক নহয়ঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 3

ৰাজ্য চৰকাৰৰ সহযোগী দল অগপৰ নেতাগৰাকীয়ে ৰাষ্ট্ৰীয়তাবাদত বিশ্বাস কৰা সকল আঞ্চলিকতাবাদী হ’ব নোৱাৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল।

অগপ নেতা ফণীভূষণ চৌধুৰীৰ এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাষ্ট্ৰীয়তাবাদী বিজেপি আৰু আঞ্চলিকতাবাদী অগপৰ মাজত সংঘাত সৃষ্টি হোৱাক লৈও আৰম্ভ হৈছিল চৰ্চা।

তাৰ মাজতে শুকুৰবাৰে মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ৰাষ্ট্ৰীয়তাবাদ আৰু আঞ্চলিকতাবাদ পৃথক নহয়। তেওঁ কয়, ‘ফণীভূষণ চৌধুৰীয়ে কি প্ৰসংগত এনে ধৰণৰ মন্তব্য কৰিছিল মই নাজানো, কিন্তু বিজেপি আৰু অগপই বন্ধুত্বপূৰ্ণভাৱে কাম কৰি গৈ আছে।’ এনে ধৰণৰ মন্তব্য কৰি দুটা মিত্ৰদলৰ মাজত তিক্ততা বৃদ্ধি কৰিব নালাগে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লক্ষণীয়ভাৱে এইবাৰ বঙাইগাঁৱৰ পৌৰসভা নিৰ্বাচনত ২৫ টা ৱাৰ্ডৰ ২৪ টাতে অসম গণ পৰিষদৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে মিত্ৰদল বিজেপি।

এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বঙাইগাঁৱত বিজেপি নেতাই প্ৰচাৰ চলাবলৈ গ’লে বিজেপি প্ৰাৰ্থীকে ভোট দিবলৈ ক’ব। সেইদৰে যদি অতুল বৰা বা আন কোনো অগপ নেতাই প্ৰচাৰ চলাবলৈ যায়, তেন্তে অগপ দলকে ভোট দিবলৈ ক’ব।

ৰাজনৈতিক ক্ষেত্ৰখনত এই পাৰ্থক্য থাকিলেও দুয়োটা দলে বন্ধুত্বপূৰ্ণভাৱে উন্নয়নৰ কাম কৰি গৈছে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ফণীভূষণ চৌধুৰীয়ে এনেধৰণৰ মন্তব্য কৰা অনুচিত আছিল বুলিও একপ্ৰকাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *