অসমীয়াঅসমখেল

ভাল খবৰ! বিশ্ব বক্সি চেম্পিয়নশ্বিপত স্বৰ্ণিল ইতিহাস ৰচনা কৰা লাভলীনা বৰগোঁহাইলৈ ৫০ লাখ টকা ঘোষণা অসম চৰকাৰৰ…

নিউজ ডেস্কঃ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণিল ইতিহাস ৰচিবলৈ সক্ষম হোৱা অসম কন্যা লাভলীনা বৰগোঁহাইলৈ এতিয়া দেশজুৰি শুভেচ্ছা বাৰ্তা।

ইয়াৰ মাজতে বিশ্বজয়ী বক্সাৰ গৰাকীলৈ ৫০ লাখ টকা আগবঢ়োৱাৰ ঘোষণা অসম চৰকাৰৰ।

image 136

লাভলীনা বৰগোঁহাইয়ে গৌৰৱজ্জ্বল ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱাৰ পিছতে এই পুৰস্কাৰ ঘোষণা কৰে অসম চৰকাৰে।

উল্লেখ্য যে, দেওবাৰে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি মহিলা শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় অলিম্পিকতো পদকজয়ী বক্সাৰগৰাকীয়ে।

image 137

ইয়াৰ পিছতে আনন্দ ব্যক্ত কৰি সামাজিক মাধ্যমত এটা পোষ্ট কৰে লাভলীনাই।

পোষ্টটোত অসম কন্যাগৰাকীয়ে লিখিছে- ”বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তৃতীয়টো পদক লাভ কৰি অত্যন্ত সুখী। একেৰাহে দুটা ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত এইবাৰ মোৰ পদকৰ ৰং সোণলৈ ৰূপান্তৰিত কৰি সুখী হৈছো।’’

image 138

লাভলীনাই পুনৰ লিখিছে, ”সকলো প্ৰশিক্ষক আৰু এই সুন্দৰ যাত্ৰাৰ অংশ হোৱা প্ৰতিজন ব্যক্তিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মোৰ সহযোগিতাৰ স্তম্ভ হিচাপে পৰিগণিত হোৱা মোৰ পিতৃ-মাতৃক ধন্যবাদ জনাইছো।’’