ৰাষ্ট্ৰীয়অসমঅসমীয়া

কােকৰাঝাৰৰ উপায়ুক্ত বৰ্ণালী ডেকাক জলযোদ্ধা আৰু জলপ্ৰহৰী সন্মান প্ৰদান ৰাষ্ট্ৰপতি কোৱিন্দৰ

নিউজ ডেস্ক। কোকৰাঝাৰ জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাক প্ৰদান কৰা হৈছে জলযোদ্ধা আৰু জল প্ৰহৰী সন্মান।

জল সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ পৰিপ্ৰেক্ষিতত উপায়ুক্ত গৰাকীক মঙলবাৰে দিল্লীত অনুষ্ঠিত জলশক্তি সমাৰোহত এই সন্মান প্ৰদান কৰা হয়।

p4 12

গোৱালপাৰা জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তো একাধিক উদ্ভাৱনীমূলক প্ৰকল্প আৰু আঁচনিৰ বাবে বিশেষভাৱে সন্মানিত হোৱা উপায়ুক্ত গৰাকীক মঙলবাৰে জলযোদ্ধা আৰু জল প্ৰহৰী সন্মান প্ৰদান কৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।

p6 9

উল্লেখ্য যে, ২০১৯ চনৰ ছেপ্তেম্বৰৰ পৰা ২০২১ৰ জানুৱাৰীলৈ উপায়ুক্ত বৰ্ণালী ডেকাই জল সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ স্বীকৃতি স্বৰূপে তেওঁক এই সন্মান প্ৰদান কৰা হৈছে।

p3 13

উপায়ুক্ত বৰ্ণালী ডেকাই ইয়াৰ পূৰ্বে হস্ততাঁত শিল্পক আগুৱাই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে তেওঁক সন্মানিত কৰা হৈছিল।

ইয়াৰোপৰিও ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ সময়ত প্ৰদৰ্শন কৰা সফলতা আৰু ব্যৱস্থাপনাৰ বাবে তেওঁক ভাৰতৰ নিৰ্বাচন আয়োগে সর্বশ্রেষ্ঠ জিলা নির্বাচনী বিষয়াৰ সন্মান প্ৰদান কৰিছিল।

উপায়ুক্ত বৰ্ণালী ডেকাক প্ৰদান কৰা সন্মানে সমগ্ৰ ৰাজ্যবাসীক পুনৰ এবাৰ গৌৰৱাম্বিত কৰি তুলিছে।

লগতে চাওকঃ

দৌৰবিদ পখিলা ইংতিপীলৈ আন্তঃৰাষ্ট্ৰীয় স্প’ৰ্টছ এচিভাৰ এৱাৰ্ড, গৌৰৱাম্বিত ৰাজ্যবাসী

379

Leave a Reply

Your email address will not be published. Required fields are marked *