ডুবাইত গুৰু আসন প্রতিষ্ঠাৰে নামঘৰ উদ্বোধন

নিউজ ডেস্ক। ডুবাইত নিৰ্মাণ হ’ল অসমীয়াৰ নামঘৰ।

ডুবাইৰ প্ৰৱাসী অসমীয়া সকলৰ প্ৰচেষ্টা আৰু মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীৰ বিশেষ তৎপৰতাত ডুবাইত নিৰ্মাণ কৰা হৈছে এটা অস্থায়ী নামঘৰ।

অৱশ্যে এই নামঘৰটো শীঘ্ৰে স্থায়ী ৰূপ প্ৰদান কৰি অসমীয়া সত্ৰীয়া সংস্কৃতিক ডুবাইত তুলি ধৰা হব বুলি মন্তব্য কৰে সত্ৰাধিকাৰ ড০ পীতাম্বৰ গোস্বামীয়ে।

G2 38
ডুবাইত গুৰু আসন প্রতিষ্ঠাৰে নামঘৰ উদ্বোধন 3

সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, সত্ৰাধিকাৰগৰাকীয়ে ডুবাইৰ ‘জুমেইৰা’ত অসমীয়া সংস্কৃতিৰ বাহক এটা নামঘৰ নিৰ্মাণ কৰাৰ ইচ্ছা ব্যক্ত কৰাৰ পিছতে ডুবাই নিৱাসী অশ্বিনী বৰকটকীৰ আৱাসৰ ওপৰৰ মহলাৰ মন্দিৰৰ এটা অংশ নামঘৰৰ আৰ্হিত নিৰ্মাণৰ বাবে আগবঢ়ায়।

গুৰুজনাৰ অক্ষয় কৰ্মৰাজীক বিশ্বৰ দৰবাৰত তুলি ধৰাৰ এই অসমীয়াৰ প্ৰয়াস স্বৰূপে সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে অসমৰ পৰা লৈ যোৱা আসনখন অস্থায়ী নামঘৰত বিধিগতভাৱে স্থাপন কৰে।

সত্ৰাধিকাৰ গৰাকীয়ে কয়, ”ডুবাইবাসী অসমীয়া ৰাইজৰ যিটো হেঁপাহ দেখিছোঁ, আমাৰ আশা অতি সোনকালেই এই নামঘৰটিয়ে স্থায়ী ৰূপ লাভ কৰিব।

G3 32
ডুবাইত গুৰু আসন প্রতিষ্ঠাৰে নামঘৰ উদ্বোধন 4

নামঘৰটিয়ে স্থায়ী ৰূপ পোৱাৰ পিছত ভৱিষ্যতে অসমৰ সত্ৰীয়া সংস্কৃতি যেনে ভাওনা, গায়ন-বায়ন, নৃত্য-গীত, বৰ নাম, দিহানাম, ঘোষা নাম, বীৰ নাম, ঝুনা নাম, নাগাৰা নাম আদি বিদেশত প্ৰদৰ্শন কৰিব পাৰিলে সকলোৱে গম পাব নামঘৰ প্ৰকৃতাৰ্থত কি!’’

ইফালে ডুবাইত স্থাপন কৰা নামঘৰটোৰ লগতে এখন সত্ৰ সমাজো গঢ়ি তোলে সত্ৰাধিকাৰ ড০ গোস্বামীয়ে। সকলো বিধি পালন কৰি খনীয়া নিৰ্মালি আৰু এখন বস্ত্ৰৰে বৰণ কৰি ডুবাই নিৱাসী অসমীয়া সুমন বৰদলৈক বৰমেধি আৰু অশ্বিনী বৰকটকীক নামঘৰীয়া বিষয়বাব প্ৰদান কৰা হয়।

আনহাতে আগন্তুক সময়ত নামলগোৱা, পাঠক, বাৰিক, মেধি ভৰালী আদি সত্ৰৰ বিষয় বাবসমূহো প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে।

Leave a Comment