অসম

দৌৰবিদ পখিলা ইংতিপীলৈ স্প’ৰ্টছ এচিভাৰ এৱাৰ্ড, গৌৰৱাম্বিত ৰাজ্যবাসী

অসমৰ বাবে আন এক গৌৰৱৰ মুহূৰ্ত। কাৰ্বিআংলং জিলাৰ মহিলা দৌৰবিদ পখিলা ইংতিপীলৈ স্প’ৰ্টছ এচিভাৰ এৱাৰ্ড আমেৰিকান ইউনিভাৰ্ছিটী ফ’ৰ গ্ল’বেল পীচ আৰু ইণ্টাৰনেচনেল ফ’ৰাম ফ’ৰ এন্টি কৰপ’ৰেচনৰ।

জানিব পৰা মতে, অহা ৬ এপ্ৰিলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা নতুন দিল্লীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হ’ব পখিলা ইংতিপীক।

২০১৮ চনৰ ১২ ছেপ্টেম্বৰত মালয়েছিয়াৰ পেনাঙত অনুষ্ঠিত এছিয়া-পেচিফিক মাষ্টাৰ্ছ গেমছত ৫ হাজাৰ মিটাৰ খোজকঢ়া প্রতিযোগিতাত সোণৰ পদক আৰু ৫,০০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল পখিলা ইংতিপীয়ে।

আনহাতে চণ্ডীগড়ত অনুষ্ঠিত প্রথম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছতো ১,৫০০ মিটাৰ দৌৰতো তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল সোণৰ পদক।

কাৰ্বি আংলং জিলাৰ বন বিভাগৰ এগৰাকী কৰ্মচাৰী পখিলা ইংতিপীক স্প’ৰ্টছ এচিভাৰ এৱাৰ্ড প্ৰদান কৰাৰ খবৰে গৌৰৱাম্বিত কৰিছে ৰাজ্যবাসীক। তেওঁক নতুন দিল্লীৰ সংসদ মার্গ এলেকাৰ ৰফি মাৰ্গৰ কনষ্টিটিউচনেল ক্লাব অব্ ইণ্ডিয়াত আয়োজন কৰা এটা বিশেষ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *