মণিপুৰঅসমীয়া

কংগ্ৰেছৰ শাসনৰ কালত ATM মেচিন আছিল উত্তৰ-পূৰ্বাঞ্চলঃ সম্বিত পাত্ৰ

“কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দিনত এটিএম মেচিনৰ দৰে ব্যৱহাৰ হৈছিল উত্তৰ-পূৰ্বাঞ্চল।” – এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা মণিপুৰ বিজেপিৰ প্ৰভাৰী সম্বিত পাত্ৰৰ।

ইম্ফল পশ্চিমৰ থাংমেইবান্দৰ লাইৰেনহাঞ্জাবা লেইকাইত “ইগি এমুং বিজেপি গি এমুং” অভিযানৰ শুভাৰম্ভণি কৰি এই মন্তব্য কৰে সম্বিত পাত্ৰই।

FHCcfdi-Uc-AQ91-Ri

বিজেপি নেতাজনে কয় যে, বিজেপি চৰকাৰৰ দিনতহে মণিপুৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে অঞ্চলটোৰ বাবে কল্যান আৰু উন্নয়ন অনাত অগ্ৰাধিকাৰ দিছে।

পাত্ৰই কয় যে তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালত কেন্দ্ৰীয় নেতাসকলে মণিপুৰকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহ ভ্ৰমণ কৰি কল্যাণমূলক আঁচনি প্ৰদান কৰাৰ পৰিৱৰ্তে ইয়াৰ সম্পদবোৰহে কাঢ়িবলৈ আহিছিল। যাৰ ফলত উত্তৰ-পূৱৰ বিকাশ, পথ নিৰ্মান, খোৱা পানী আদিৰ সমস্যা বৃদ্ধি পাই আহিছিল।

FHC9-KH-VIAYCWc-A

আনহাতে, মোডী নেতৃত্বাধীন চৰকাৰৰ আগমনৰ লগে লগে বৰ্তমানৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়ন সম্ভৱ কৰিছে। উত্তৰ-পূবৰ বিকাশ অবিহনে ভাৰতক এখন উন্নত দেশ বুলি ক’ব নোৱাৰি। এই উদ্দেশ্যৰে উন্নয়ন অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বিজেপিয়ে।

সম্বিত পাত্ৰই লগতে কয়, “কংগ্ৰেছ চৰকাৰৰ বাবে পৰিয়ালেই হৈছে দল। কিন্তু বিজেপিৰ বাবে সমগ্ৰ দলেই এটা পৰিয়াল।”

সম্বিত পাত্ৰই দলীয় পতাকা উত্তোলন কৰাৰ লগতে অঞ্চলটোৰ কিছু বাসগৃহত দলীয় ষ্টিকাৰ লগাই “ইগি এমুং বিজেপি গি এমুং” অভিযানৰ প্ৰচাৰৰ আৰম্ভণি কৰে।

পিছত, হিজাম দেৱান লেইকাই, উৰিপোক পোলেম লেইকাই, উৰিপোক য়াম্বেম লেইকাই, চাগোলবাণ্ড নেপ্ৰম মেঞ্জোৰ লেইৰাক, চাগোলবান্দ মইৰাং লেইৰাক আৰু ইম্ফল পৌৰ নিগমৰ আন ৫টা ৱাৰ্ডতো বিজেপি নেতাগৰাকীয়ে একে ধৰণৰ অভিযান চলায়।

Leave a Reply

Your email address will not be published. Required fields are marked *