গুৱাহাটীত মুকলি MBA Chaiwala ৰ বিপণী, যুৱ প্ৰজন্মক দিলে সফলতাৰ মন্ত্ৰ

নিৰ্ভীক, আত্মবিশ্বাসী আৰু পৰিশ্ৰমী হওক, সাফল্য নিশ্চিতঃ MBA Chaiwala

নিউজ ডেস্ক। মিষ্টাৰ বিলোৰ আহমেদাবাদ। এজন উদ্যমী যুৱকৰ এয়াই আছিল প্ৰথম পৰিচয়।

এটা সু পৰিকল্পনা, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমে আজি সেই যুৱকজনক এক নতুন পৰিচয় প্ৰদান কৰিছে। আন বহু যুৱকৰ বাবে তেওঁ হৈ পৰিছে প্ৰেৰণা।

FHIne7-YVQAARk-IS

মধ্যপ্ৰদেশৰ লাব্ৰাভদা গাঁৱৰ এজন কৃষকৰ পুত্ৰ প্ৰফুল্ল বিলোৰ।

এমবিএ পঢ়াৰ সপোন আছিল প্ৰফুল্ল বিলোৰৰ। কিন্তু কমন এডমিছন টেষ্ট (চিএটি)ত তিনিবাৰকৈ অৱতীৰ্ণ হৈও উত্তীৰ্ণ হোৱাত ব্যৰ্থ হোৱাত নতুন পথৰ সন্ধানত তেওঁ নামি পৰে।

পৰিয়ালৰ পৰামৰ্শৰ বিপৰীতে গৈ প্ৰফুল্ল বিলোৰে মেকডোনাল্ডছত কাম কৰিবলৈ আৰম্ভ কৰে। তাত কিছুমাহ কাম কৰাৰ পিছত পিতৃৰ পৰা লোৱা ১০ হাজাৰ টকাৰে তেওঁ তেওঁৰ সপোনৰ কলেজ আইআইএম আহমেদাবাদৰ সন্মুখতে সৰুকৈ এখন চাহৰ বিপনী আৰম্ভ কৰে।

বিপনী খনৰ নাম দিয়ে মিষ্টাৰ বিলোৰ আহমেদাবাদ।

EO9v-Q0l-VAAAQ-Q5

অতি কম সময়ৰ ভিতৰতে প্ৰফুল্ল বিলোৰৰ চাহে আহমেদাবাদত নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হয়। কিন্তু তেওঁৰ বাবে প্ৰধান সমস্যা আছিল বিপনীখনৰ নামটো।

দীঘলীয়া নামটো উচ্চাৰণত গ্ৰাহকৰ প্ৰায়ে অসুবিধা হোৱাত, পিছত তেওঁ নামটো সলাই এমবিএ চাই ৱালা (MBA Chaiwala) ৰাখে। এই নামটোৱে প্ৰফুল্ল বিলোৰৰ আদৰ্শ শিক্ষাকো প্ৰতিনিধিত্ব কৰে।

EPDUz-Ja-UUAADq-Ln

নাম সলনিৰ পিছতে এমবিএ চাই ৱালাৰ দ্ৰুত প্ৰসাৰ হবলৈ ধৰে। লাহে লাহে এজন ২২ বছৰীয়া উদ্যমী যুৱকৰ এটা সপোনে যেন এক নতুন জোৱাৰৰ আৰম্ভণি ঘটায়।

ইয়াৰ মাজতে প্ৰফুল্ল বিলোৰে পৰিয়ালৰ তাগিদাত এমবিএত নামভৰ্তি কৰে যদিও মাত্ৰ ৭ দিনৰ পিছতে তেওঁ কলেজ এৰি পুনৰ ব্যৱসায়ত মনোনিবেশ কৰিবলৈ লয়।

বৰ্তমান ভাৰতত ২২ টা বেলেগ বেলেগ স্থানত গঢ়ি উঠিছে এমবিএ চাই ৱালাৰ বিপনী। বছৰি কোটি কোটি টকাৰ ব্যৱসায়ৰে এতিয়া ভাৰতৰ প্ৰথম পছন্দ হৈ পৰিছে কৃষক সন্তান প্ৰফুল্ল বিলোৰৰ এমবিএ চাই ৱালা।

FFqt0kk-Vc-AIAQGy

শেহতীয়াকৈ গুৱাহাটীৰ ভঙাগড় অঞ্চলতো মুকলি হল এমবিএ চাই ৱালাৰ এখন বিপনী।

২১ ডিচেম্বৰত এমবিএ চাই ৱালাৰ (MBA Chaiwala) স্বত্বাধিকাৰী প্ৰফুল্ল বিলোৰে অনন্য চাহৰ সোৱাদৰ সৈতে মুকলি কৰে বিপনীখন।

বিপনীখন মুকলি কৰি প্ৰফুল্ল বিলোৰে কয়- সপোন, সাহস আৰু উদ্যম থাকিলে সকলো সম্ভৱ।

লক্ষ্য স্থিৰ হলে সফলতা অনিবাৰ্য। অসমৰ পৰম্পৰাগত চাহৰ সৈতে এমবিএ চাই ৱালাই অসমীয়া গ্ৰাহকক চাহৰ এক নতুন তৃপ্তি প্ৰদান কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে প্ৰফুল্ল বিলোৰে।

লগতে চাওকঃ ভাল খবৰ! ISROৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ অসম কন্যা নাজনীন য়াছমিনৰ…

Leave a Comment