কংগ্ৰেছত খহনীয়া, বিজেপিত যোগদান জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ…

কংগ্ৰেছত খহনীয়া, বিজেপিত যোগদান জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ।

মণিপুৰ প্ৰদেশ কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সভাপতি গোবিনদাস কনথৌযামে দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, ৰাজ্যসভাৰ সাংসদ অনিল বালুনিৰ উপস্থিতিত বিজেপিত যোগদান কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে।

ৰাজ্যখনৰ বিষ্ণুপৰ সমষ্টিৰ পৰা একেৰাহে ৬ বাৰ বিধায়ক হোৱা কনথৌযামে জুলাইত কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল।

উল্লেখ্য যে, মণিপুৰত অহা বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।

উক্ত নিৰ্বাচনত জ্যেষ্ঠ নেতাগৰাকীয়ে মনোনিবেশ কৰিব বুলি জানিব পৰা গৈছে।

ৰাজ্যখনত প্ৰথমবাৰৰ বাবে ২০১৭ চনত শাসনত আহিছিল বিজেপি দল।

Leave a Comment