অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই ল’লে মিজোৰামে…

ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই ল’লে মিজোৰামে।

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰিলে মিজোৰাম আৰক্ষীয়ে।

উল্লেখ্য যে, অসম-মিজোৰাম সীমান্তত ২৬ জুলাই তাৰিখে সংঘটিত হোৱা সংঘৰ্ষৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হত্যাৰ অপচেষ্টা চলোৱাৰ লগতে আন গোচৰ ৰুজু কৰিছিল মিজোৰাম আৰক্ষীয়ে।

মুখ্যমন্ত্ৰী শৰ্মাৰ উপৰিও ৪ জন আৰক্ষী বিষয়া আৰু ২ জন আমোলাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।

জানিব পৰা মতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত হোৱা টেলিফনিক বাৰ্তালাপৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে মিজোৰামে।

Leave a Comment