মণিপুৰ

এইবাৰৰ নিৰ্বাচনে মণিপুৰৰ আগন্তুক ২৫ বছৰৰ ভাগ্য নিৰ্ধাৰণ কৰিবঃ প্ৰধানমন্ত্ৰী…

সমাগত মণিপুৰত বিধানসভা নিৰ্বাচন।

২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল।

নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে মঙলবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

নিৰ্বাচনী সভাত ভাষণৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰৰ নিৰ্বাচনে মণিপুৰৰ আগন্তুক ২৫ বছৰৰ ভাগ্য নিৰ্ধাৰণ কৰিবলৈ গৈ আছে।

Image

লগতে তেওঁ কয়- এই পাঁচ বছৰত মণিপুৰত আৰম্ভ হোৱা স্থিৰতা আৰু শান্তিৰ প্ৰক্ৰিয়াক স্থায়ী কৰাৰ বাবে ৰাজ্যখনত বিজেপিৰ নেতৃত্বত নিৰংকুশ সংখ্যাগৰিষ্ঠ চৰকাৰ থকাটো অতি প্ৰয়োজনীয়।

দশকজোৰা কংগ্ৰেছৰ শাসনৰ পিছত মণিপুৰে কেৱল বৈষম্যহে লাভ কৰিছিল বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰক ক্ৰীড়াৰ এক আন্তৰ্জাতিক কেন্দ্ৰ কৰি তোলাৰ কথা উল্লেখ কৰি কয় যে মণিপুৰত দেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে, ই এই অঞ্চলক ক্ৰীড়াৰ এক আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে গঢ়ি তুলিব।

Leave a Reply

Your email address will not be published. Required fields are marked *