মহানগৰীত অভিযন্তাৰ ডিঙি ৰেপি ড্ৰাগছ আসক্তই লুটি লৈ গ’ল নগদ ধন, সোণ আৰু মোবাইল ফোন

মহানগৰীত পুনৰ সংঘটিত হ’ল লোমহৰ্ষক কাণ্ড।

ছাত্ৰীবাৰীৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হল ভাৰতীয় ৰে’ল বিভাগৰ এগৰাকী অভিযন্তা।

দুৰ্বৃত্তই ডিঙি ৰেপি অভিযন্তাগৰাকীৰ পৰা লুটি লৈ গ’ল নগদ ধনৰ লগতে সোণৰ চেইন আৰু মোবাইল ফোন।

G8 9
মহানগৰীত অভিযন্তাৰ ডিঙি ৰেপি ড্ৰাগছ আসক্তই লুটি লৈ গ'ল নগদ ধন, সোণ আৰু মোবাইল ফোন 3

এই ভয়ঙ্কৰ ঘটনাৰ স্থান মহানগৰীৰ নুনমাটি। অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱা বুলি ঢাক-ঢোল বজাই থকাৰ সময়তে নুনমাটিত সংঘটিত এই ভয়ংকৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, মঙ্গলবাৰে নিশা প্ৰায় ৮.৩০ বজাত কিশোৰ কলিতা নামৰ ৰেলৱে অভিযন্তা গৰাকীক আক্ৰমন কৰে দুৰ্বৃত্তৰ এটা দলে। দলটোৱে চোকা অস্ত্ৰৰে কিশোৰ কলিতাৰ ডিঙিত আক্ৰমণ কৰাৰ পিছত তেওঁৰ লগত থকা নগদ ১০ হাজাৰ টকা, এডাল সোণৰ চেইন আৰু মোবাইল ফোন লৈ উধাও হয়।

ইফালে দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত কলিতাক সংকটজনক অৱস্থাত গেট হাস্পতালত ভৰ্তি কৰোৱা হয়।

আনহাতে ঘটনাৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা মতে, যি স্থানত কিশোৰ কলিতাক দুৰ্বৃত্তই আক্ৰমণ কৰিছিল, সেই ঠাইখিনি হৈছে ড্ৰাগছৰ ঘাটি। তেনে পৰিপ্ৰেক্ষিতত অভিযন্তাগৰাকী ড্ৰাগছ আসক্তৰ আক্ৰমণৰ বলি হোৱা বুলি সন্দেহ কৰা হৈছে।

জানিব পৰা মতে, সেই একেটা স্থানত পূৰ্বেও এনে ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। যাৰ বাবে স্থানীয় ৰাইজে আৰক্ষীক বাৰে বাৰে অৱগত কৰি আহিছে যদিও আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।

আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই নুনমাটিৰ এই অঞ্চলটোত পুনৰ এনে লোমহৰ্ষক আক্ৰমণৰ ঘটনা সংঘটিত হবলৈ পালে বুলি ক্ষোভ ব্যক্ত কৰিছে স্থানীয় নিবাসীয়ে।

লগতে চাওকঃ

দিন দুপৰতে কলেজীয়া ছাত্ৰীক হত্যা ‘ব্যর্থ’ প্ৰেমিকৰ

G5 13
মহানগৰীত অভিযন্তাৰ ডিঙি ৰেপি ড্ৰাগছ আসক্তই লুটি লৈ গ'ল নগদ ধন, সোণ আৰু মোবাইল ফোন 4

Leave a Comment