উত্তৰ পূবৰ সৰ্বােচ্চ ত্ৰিৰংগ পতাকা উত্তােলন কৰা হ’ব এই ঐতিহাসিক ঠাইত, প্ৰস্তুতি সম্পূৰ্ণ

মণিপুৰত অচিৰেই উত্তােলন কৰা হ’ব উত্তৰ পূবৰ সৰ্বােচ্চ ত্ৰিৰংগ পতাকা।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীয়ে অচিৰেই ৰাজ্যখনত উপস্থিত হৈ ৰাজ্যবাসীলৈ উছৰ্গা কৰিব এই পতাকাখন।

উল্লেখ্য যে উত্তৰ-পূবৰ ৰাজ্য মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ মৈৰাঙত সম্পূৰ্ণ হৈ উঠিছে ভাৰতীয় জাতীয় সেনাৰ (আইএনএ) যুদ্ধ স্মাৰক।

এই কথা জানিবলৈ দিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে।

এই যুদ্ধ স্মাৰক স্থলীতে উত্তৰ-পূবৰ আটাইতকৈ ওখ জাতীয় পতাকা উৰিব।

FIFeyy1-Vg-AEiv09

মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয়, “এয়া অতি গৌৰৱৰ বিষয় যে মৈৰাঙত আইএনএ যুদ্ধ স্মাৰক সম্পূৰ্ণ হৈ উঠিছে আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ওখ ফ্লেগ পোলটোও স্থাপন কৰা হৈছে।”

তেওঁ লগতে কয়: “মই এই কথা জনাবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ জনসাধাৰণক এই ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ সংগ্ৰহালয়টো হস্তান্তৰ কৰিব।”

উল্লেখ্য যে, ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মৈৰাং হৈছে বিষ্ণুপুৰ জিলাৰ এখন সৰু চহৰৰ নাম।

ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগত অৱস্থিত এই সৰু ঐতিহাসিক চহৰখন।

FIFeyy0-UUAA4-Sbj

এই মৈৰাঙতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত ভাৰতীয় জাতীয় সেনাৰ (আইএনএ) পতাকা ১৯৪৪ চনৰ ১৪ এপ্ৰিলত প্ৰথমবাৰৰ বাবে উত্তোলন কৰা হৈছিল।

Leave a Comment