ৰাষ্ট্ৰীয়অসমীয়া

ফ’ৰ্বছৰ হিন্দী ছবিজগতৰ অসামান্য অভিনেতাৰ তালিকাত স্থান লাভ আদিল হুছেইনৰ

নৱবৰ্ষৰ আৰম্ভণিতে পুনৰ এবাৰ বিশ্ব দৰবাৰত জিলিকি উঠিল অসম সন্তান অভিনেতা আদিল হুছেইন।

বিশ্ববিখ্যাত ‘ফৰ্বছ’ আলোচনীয়ে প্ৰকাশ কৰা হিন্দী মনোৰঞ্জন উদ্যোগত উৎকৃষ্ট অভিনেতাৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে আদিল হুছেইনে।

85

আলোচনীখনে প্ৰকাশ কৰা হিন্দী ছবিজগতৰ ৮ গৰাকী “অসামান্য প্ৰতিভাৰ” অভিনেতাৰ তালিকাত আদিল হুছেইনৰ স্থানে পুনৰ এবাৰ গৌৰৱাম্বিত কৰি তুলিছে সমগ্ৰ অসম বাসীক।

উল্লেখ্য যে, আদিল হুছেইনে শেহতীয়াকৈ অক্ষয় কুমাৰ অভিনীত ‘বেল বটম’ত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ চৰিত্ৰত অভিনয় কৰিছিল।

ছবিখনত তেওঁ কৰা অসামান্য অভিনয়ৰ বাবে ফৰ্বছ আলোচনীয়ে আদিল হুছেইনক হিন্দী ছবিৰ শ্ৰেষ্ঠ অসাধাৰণ প্ৰতিভাৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে।

G01

ফৰ্বছে এই সন্দৰ্ভত প্ৰকাশ কৰা প্ৰবন্ধত কয়, ”তেওঁ বেল বটমত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ ভূমিকাত সুদক্ষ অভিনয় কৰিছিল। তেওঁৰ চৰিত্ৰটো ফুটাই তোলাত অলপো ক্ৰুটি ৰখা নাছিল আদিল হুছেইনে।”

হুছেইনক প্ৰশংসা কৰি ফৰ্বছ ইণ্ডিয়াই ইয়াৰ প্ৰবন্ধত কয় যে অ-কেন্দ্ৰীয় চৰিত্ৰবোৰৰ বাবে দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰাটো সহজ নহয়। তাতে যেতিয়া কেন্দ্ৰীয় চৰিত্ৰটো অক্ষয় কুমাৰৰ দৰে অভিনেতাই ৰূপায়ন কৰে, তেতিয়া সেয়া অধিক কঠিন হৈ পৰে।

59

প্ৰণিধানযোগ্য যে, অসমৰ গোৱালপাৰা জিলাত জন্ম লাভ কৰি সুদক্ষ অভিনয়ৰে বিশ্বৰ ছবিপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হোৱা আদিল হুছেইনে কেইবাখনো হিন্দী ছবিত মুখ্য ভূমিকাতো অভিনয় কৰিছে।

তদুপৰি “লাইফ অৱ পাই’ৰ দৰে হলীউডৰ ছবিতো সুদক্ষ অভিনয় কৰি তেওঁ সুনাম অৰ্জন কৰিছে।

আনহাতে ফৰ্বছ আলোচনীয়ে প্ৰকাশ কৰা হিন্দী ছবিৰ অসামান্য অভিনেতাৰ তালিকাত আদিল হুছেইনৰ উপৰিও স্থান লাভ কৰিছে অভিনেতা আশুতোষ ৰাণা, সুপ্ৰিয়া পাঠক, অভিষেক বেনাৰ্জী, জিমি শ্বেৰগিল, চিকন্দৰ খেৰ, মানৱ কৌল আৰু অমৃতা সুভাষে।

লগতে চাওকঃ

ৰীল নহয়, ৰিয়েল লাইফত অটো চালকৰ ৰূপত বলিউডৰ ডাবাং খান, ভাইৰেল ভিডিঅ’

Leave a Reply

Your email address will not be published. Required fields are marked *