অৰুণাচল প্ৰদেশঅসমীয়া

উত্তৰ পূবৰ ক্ৰিকেট খেলুৱৈক প্ৰশিক্ষণ দিব পাঠান ভাতৃদ্বয়ে, অৰুণাচলত একাডেমী মুকলি

নিউজ ডেস্ক। ভাৰতৰ উত্তৰ-পূব অঞ্চলত বিশ্বমানৰ ক্ৰিকেট প্ৰশিক্ষণ আৰু যুৱ প্ৰতিভাৰ প্ৰচাৰৰ লক্ষ্যৰে ক্ৰিকেট একাডেমী অৱ পাঠানছ্ (CAP) -এ শুকুৰবাৰে ইটানগৰত ইয়াৰ শাখা কেন্দ্ৰ মুকলি কৰে।

ভাৰতৰ ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানে এই নতুন একাডেমী মুকলি কৰে আৰু চিএপিৰ পৰিচালন সঞ্চালক হৰমিত বাছদেৱে ।

p3 6

এক শক্তিশালী অন-গ্ৰাউণ্ড পাঠ্যক্ৰম আৰু উচ্চ পৰ্যায়ৰ ক্ৰিকেট প্ৰশিক্ষণ প্ৰদান কৰা বিশেষজ্ঞৰ এটা দলে অঞ্চলটোত উদীয়মান ক্ৰিকেটাৰসকলক অত্যাধুনিক প্ৰশিক্ষণ কৌশল ব্যৱহাৰ কৰি প্ৰশিক্ষণ প্ৰদান কৰিব।

পাঠান ভাতৃদ্বয়ৰ দৃষ্টিভঙ্গীৰে আগবঢ়াই নিয়া এই একাডেমীটোৰ ই হৈছে ২৮ তম্ কেন্দ্ৰ।

চিএপিৰ সঞ্চালক ইউছুফ পাঠানে কয় , “আমি উচ্চাকাংক্ষী ক্ৰিকেটাৰসকলক সকলো সহায় আগবঢ়াই আছো আৰু আমাৰ বিশ্বমানৰ প্ৰশিক্ষণৰ জৰিয়তে, আমাৰ শিক্ষাৰ্থীসকল এতিয়া জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ খেলৰ বাবে নিৰ্বাচিত হৈছে। আমাৰ টায়াৰ ২ আৰু টায়াৰ ২ চহৰত অধিক একাডেমী খোলাৰ পৰিকল্পনা আছে যিয়ে উদীয়মান ক্ৰিকেটাৰসকলক সঠিক প্ৰকাৰে প্ৰশিক্ষণ প্ৰাপ্ত কৰাত সহায় কৰিব।”

p4 6

উল্লেখ‍্য যে সমগ্ৰ ভাৰতত, চি.এ.পি. কেন্দ্ৰবোৰৰ ৪০ তকৈও শিক্ষাৰ্থী ইতিমধ্যে বাছনিভূক্ত হৈছে আৰু বিভিন্ন ৰাজ্যিক আৰু জিলা পৰ্যায়ত খেলি আছে ।

ভাচদেৱে সমগ্র প্ৰশিক্ষণ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰে আৰু শক্তিশালী বিষয়বোৰৰ ওপৰত আলোকপাত কৰে যিয়ে চিএপিক দেশৰ অন্যতম আগশাৰীৰ ক্ৰিকেট একাডেমী হোৱাত সহায় কৰিছিল।

শিক্ষাৰ্থীসকলৰ প্ৰগতি ৰেকৰ্ড আৰু ট্ৰেক কৰিবলৈ, এটা আভ্যন্তৰীণ ‘চি.এ.পি. এপ্প’ বিকশিত কৰা কথাও তেওঁ উল্লেখ কৰে।

অতি সোনকালেই এপটোত শিক্ষাৰ্থী সকলৰ বাবে পাঠান ভাতৃসকলৰ সৈতে এক মতবিনিময় অধিৱেশনৰ আয়োজন কৰিব বুলি তেওঁ জানিব দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *