ইণ্ডো ম্যানমাৰ সীমান্ত সেনাৰে হোৱা সংঘৰ্ষত নিহত ৪ কুকি বিদ্ৰোহী কেডাৰ…

মণিপুৰৰ ইণ্ডো ম্যানমাৰ সীমান্তত সেনাৰে হোৱা সংঘৰ্ষত নিহত ৪ কুকি বিদ্ৰোহী।

দেওবাৰে পুৱা সংঘৰ্ষত কুকি নেচলচন লিবাৰেচন আৰ্মিৰ ৪ গৰাকী দুৰ্ধৰ্ষ কেডাৰ নিহত হয়।

মণিপুৰৰ কাংপকি জিলাৰ হিংগজান গাঁৱৰ সমীপত কুকি বিদ্ৰোহী কে এন এল এ ১২ জনীয়া এটা দলে অঞ্চলটো আশ্ৰয় লৈ থকা বুলি বিশেষ খবৰ লাভ কৰাৰ নিৰাপত্তা বাহিনীয়ে।

ইয়াৰ পিছতে শনিবাৰে আছাম ৰাইফলছ আৰু সেনাই যৌথ অভিযান আৰম্ভ কৰে।

ঘন অৰণ্যত ওৰে নিশা চলা অভিযানৰ পিছত দেওবাৰে পুৱা নিৰাপত্তা বাহিনীৰ সৈতে কুকি বিদ্ৰোহীৰ ভয়ংকৰ সংৰ্ঘত হয়।

কেইবাঘণ্টা ধৰি চলা এই সংৰ্ঘষত ৪ গৰাকী কে এন এল এফৰ কেডাৰ নিহত হয় বুলি জানিব পৰা গৈছে।

লগতে সেনাই ঘটনাস্থলিৰ পৰা কেইবাটাও এ কে চিৰিজৰ ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অৱশ্যে এই অভিযানত সেনাৰ কোনো জোৱান হতাহত হোৱা নাই।

বিদ্ৰোহীৰ সৈতে সেনাৰ তুমুল সংঘৰ্ষ বৰ্তমানেও অব্যাহত আছে বুলি জানিব পৰা গৈছে।

Leave a Comment