মণিপুৰ

আৰক্ষীৰ অভিযানত তিনি দুৰ্ধৰ্ষ UNLFৰ উগ্ৰপন্থী কেডাৰসহ বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ…

আৰক্ষীৰ অভিযানত তিনি দুৰ্ধৰ্ষ UNLFৰ উগ্ৰপন্থী কেডাৰসহ বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ।

মণিপুৰৰ থৌবাল আৰক্ষীয়ে দেওবাৰে ইষ্ট ইম্ফলত অভিযান চলাই নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন UNLFৰ তিনি দুৰ্ধষ কেডাৰসহ বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰামতে এক গোপন খবৰ ভিত্তিত থৌবাল আৰক্ষী অধীক্ষক যোগেশ চন্দ্ৰ হাউবিজামৰ নেতৃত্বত আৰক্ষী দলে থৌবাল জিলাৰ হেইকাপ অবাঙ লেইকাইত অভিযান চলাই।

অভিযানত কালত প্ৰফুল্ল সিঙ, লেইটনজাম কুমাৰ সিঙ আৰু ৱাহেন টমপক নামৰ দুৰ্ধৰ্ষ কেডাৰক কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

লগতে তেওঁলোকৰ পৰা ১৩টা এ কে ৫৬ ৰাইফল, এটা একে ৮১, এটা এ কে ৮৬, দুটা এম ১৬ মেছিন গান আৰু দুশ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা এই বৃহৎ মাৰণাস্ত্ৰখিনি ইউ এন এল এফৰ সদস্যই গোপনে সৰবৰাহ কৰিবলৈ লোৱা তথ্য লাভ কৰা পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *