ৰাষ্ট্ৰীয়

বৃদ্ধি হ’ল ৰিলায়েন্স জিঅ’ৰ প্ৰিপেইড প্লানৰ মূল্য…

এয়াৰটেল আৰু ভ’ডাফোনৰ পাছত এইবাৰৰিলায়েন্স জিঅ’ই দেওবাৰে বৃদ্ধি কৰিলে প্ৰিপেইড প্লানৰ মূল্য।

ৰিলায়েন্স জিঅ’ই ইয়াৰ সৰ্বনিম্ন প্লেনৰ মূল্য ৭৫ টকাৰ পৰিৱৰ্তে ৯১ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

১২৯ টকাৰ প্লেনৰ মূল্য ১৫৫ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত।

১৪৯ টকাৰ প্লেনৰ মূল্য ১৭৯ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত।

১৯৯ টকাৰ প্লেনৰ মূল্য ২৩৯ টকালৈ বৃদ্ধি।

২৪৯ টকাৰ প্লেনৰ মূল্য ২৯৯ টকালৈ বৃদ্ধি।

৩৯৯ টকাৰ প্লেনৰ মূল্য ৪৭৯ টকালৈ বৃদ্ধি সিদ্ধান্ত গ্ৰহণ কৰে।

image 6

চলিত বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা গ্ৰাহক সকলৰ বাবে জিঅ’ৰ এই বৰ্দ্ধিত মূল্যৰ প্ৰিপেইড প্লান উপলব্ধ হ’ব।

এয়াৰটেল আৰু ভোডাফোন আইডিয়া(এতিয়া ভিআই)ই ইয়াৰ প্ৰিপেইড প্লানৰ মূল্য ২০-২৫ শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ পাছতে ৰিলায়েন্স জিঅ’ই নিজৰ প্লানৰ মূল্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

উল্লেখযোগ্য যে, ক’ভিড মহামাৰীৰ পাছত প্ৰায় বিধ্বস্ত হৈ পৰা দেশৰ আৰ্থিক অৱস্থা কিছু সুস্থিৰ ৰূপলৈ উভতি অহাৰ সময়তে দেশত টেলিকম কোম্পানী সকলে এইদৰে নিজৰ নিজৰ সেৱাৰ মূল্য বৃদ্ধি কৰাক লৈ উপভোক্তা সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *