আন্তঃৰাজ্যিক বাইক চােৰৰ চক্ৰ উৎখাত, জব্দ ১৩ খন চুৰি বাইকসহ বহু সা-সামগ্ৰী

নিউজ ডেস্ক। আন্তঃৰাজ্যিক বাইক চােৰৰ এক বৃহৎ গেং উৎখাত কৰিবলৈ সক্ষম হৈছে অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰক্ষীয়ে।

পাছিঘাট আৰক্ষী থানাৰ গোচৰ নম্বৰ ০৮/২২ৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে যোৱা ১০ দিনত ১৩ খন চুৰি বাইকৰ লগতে কেমেৰা, লেপটপ, গেছ চিলিণ্ডাৰ আদি অন্যান্য চুৰি সামগ্ৰী উদ্ধাৰ কৰে।

3

উল্লেখ্য যে, ৰুকচিন আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে এখন চুৰি বাইক উদ্ধাৰ কৰাত সফলতা লাভ কৰাৰ পিছতে সেই চুৰি কাণ্ডৰ আঁত ধৰি পাছিঘাট আৰক্ষীয়ে অভিযান চলায়।

আৰক্ষীয়ে উদ্ধাৰ কৰা চুৰি বাইকসমূহৰ বেছিভাগ পাছিঘাট অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে।

2

আনহাতে কেইখনমান অৰুণাচল আৰু অসমৰ বিভিন্ন জিলাৰ পৰাও উদ্ধাৰ কৰা হৈছে।

এই গোচৰটোত মুঠ ১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যাৰ ভিতৰত তিনিজন ব্যক্তি চুৰি বাইক ক্ৰয় কৰাৰ অভিযোগত অভিযুক্ত।

1

আৰক্ষীয়ে চুৰি সামগ্ৰী ক্ৰয় আৰু বিক্ৰীৰ পৰা সাধাৰণ লোকক আঁতৰি থাকিবলৈ আহ্বান জনাইছে।

আৰক্ষীয়ে কয় ছে সামগ্ৰী চুৰি জামিন ডাঙৰ অপৰাধ, সিমানেই অপৰাধ চুৰি সামগ্ৰী ক্ৰয় কৰাটোও। যদি কোনোবাই এনে চুৰি কৰা সামগ্ৰী লৈ তেওঁলোকৰ ওচৰলৈ আহে, তেন্তে আৰক্ষীক জনাব লাগে। অন্যথা, তেওঁলোকো আইনৰ দৃষ্টিত সমানে দোষী হ‘ব।

লগতে চাওকঃ

ৰাজনৈতিক ইনিংছ আৰম্ভ হ’ল মণিপুৰৰ চুপাৰ ক’প থৌনাওজাম বৃন্দাৰ

G2

Leave a Comment