অসম

ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং হিচাপে দায়িত্ব গ্ৰহণ ৰাণা প্ৰতাপ কলিতাৰ…

নিউজ ডেস্ক। ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিঙ হিচাপে দায়িত্ব গ্ৰহণ অসম সন্তান লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ।

মঙলবাৰে এই দায়িত্ব গ্ৰহণ কৰে সন্তান লেঃ জেনেৰেল ৰাণাপ্ৰতাপ কলিতাই।

FKf-Btc-UYAEg-Hz-O

ভাৰতীয় সেনাৰ অতিকৈ গুৰুত্বপূৰ্ণ তথা সন্মানীয় কমাণ্ড হিচাপে পৰিচিত এই ইষ্টাৰণ কমাণ্ডৰ জেনেৰল অফিচাৰ কমাণ্ডিং হিচাপে দায়িত্ব গ্ৰহণ কৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি ৰাণাপ্ৰতাপ কলিতা।

মঙ্গলবাৰে কলকাতাৰ ফ’ৰ্ট উইলিয়ামত থকা ইষ্টাৰ্ণ কমাণ্ডৰ সদৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত লেঃ জেনেৰেল কলিতাই আনুষ্ঠানিকভাৱে এই দায়িত্ব গ্ৰহণ কৰে।

FKf-ACk-VUAYPhb-B

দায়িত্ব গ্ৰহণ কৰি লেঃ জেনেৰেল কলিতাই ফ’ৰ্ট উইলিয়ামৰ পেৰেড গ্ৰাউণ্ডত ছহিদসকলৰ স্মাৰক হিচাপে নিৰ্মিত বিজয় স্মাৰকত শ্ৰদ্ধা জ্ঞাপন কৰি নিজ কাৰ্যালয়ত প্ৰৱেশ কৰে।

এতিয়াৰে পৰা অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ তদাৰকৰ দায়িত্বত থাকিব লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা।

একালৰ গোৱালপাৰা সৈনিক স্কুল আৰু নেছনেল ডিফেন্স একাডেমীৰ ছাত্ৰ কলিতাই ইতিপূর্বে বিশিষ্ট কর্মদক্ষতাৰ বাবে ‘সেনা মেডেল’ আৰু দুবাৰ ‘বিশিষ্ট সেৱা মেডেল’ লাভ কৰিছে।

FKf-1-FUUAM9-Kw-W

তদুপৰি তেওঁ দেশৰ হৈ আগবঢ়োৱা প্ৰশংসনীয় সেৱাৰ বাবে সন্মানীয় উত্তম যুদ্ধ সেৱা মেডেল’, ‘অতি বিশিষ্ট সেৱা মেডেল’, ‘সেৱা মেডেল’, ‘বিশিষ্ট সেৱা মেডেল’, তিনি তাৰকাযুক্ত জেনেৰেল সন্মান লাভ কৰিছে।

উল্লেখ্য যে ৰাণা প্ৰতাপ কলিতাৰ ঘৰ কামৰূপ জিলা (গ্ৰাম্য)ৰ ৰঙিয়াৰ শান্তিপুৰত।

তেওঁ পিতৃ আদর্শবান শিক্ষক প্ৰয়াত যোগেন্দ্র কলিতা আৰু প্ৰয়াত ৰেনু কলিতা।

তেওঁ ভাৰতীয় সেনা বাহিনীত ১৯৮৪ৰ জুনত প্রথমে কুমাও ৰেজিমেণ্টত যোগদান কৰিছিল। পিতৃৰ পদাংক অনুসৰণ কৰি তেওঁৰ পুত্ৰ কেপ্টেইন নিশান্ত কলিতাও ৯ কুমাও ৰেজিমেণ্টত যোগদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *