মণিপুৰ

আজি মণিপুৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনঃ মুখ্যমন্ত্ৰী বীৰেণ সিঙে কৰিলে ভোটদান…

আজি মণিপুৰত অনুষ্ঠিত হব বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহন।

৩৮ খন আসনৰ বাবে প্ৰথম পৰ্যায়ত অনুষ্ঠিত হবলগীয়া ভোটগ্ৰহনক লৈ তীক্ষ্ণ দৃষ্টি ৰাখিছে নিৰ্বাচন আয়োগে।

ভোটগ্ৰহনৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

উল্লেখ্য যে, মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহন অনুষ্ঠিত হবলগীয়া ৩৮ খন বিধানসভা আসনৰ ভিতৰত ২৯ খনেই আছে পাহাৰীয়া এলেকাত।

এই ২৯ খন বিধানসভা আসন ইম্ফল পূব, ইম্ফল পশ্চিম আৰু বিষ্ণুপুৰ জিলাৰ। আন ৯ খন বিধানসভা আসন চুৰাচান্দপুৰ, কাংপোকপি আৰু ফাৰজল জিলাৰ।

ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৭৩ প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। ইয়াৰে ভিতৰত ১৫ গৰাকী হৈছে মহিলা প্ৰাৰ্থী।

Image

মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ লগতে তেওঁৰ মন্ত্ৰীসভাৰ থমগাম বিশ্বজিৎ সিং, বিধানসভাৰ অধ্যক্ষ ৱাই খেমচান্দ সিং, উপ মুখ্যমন্ত্ৰী য়ুমনাম জয়কুমাৰ আৰু কংগ্ৰেছৰ ৰাজ্যিক সভাপতি এন লোকেশ সিঙৰ ভাগ্যও এই পৰ্যায়তে নিৰ্ণয় হব।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙেও হেইনগাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

মুখ্যমন্ত্ৰী তথা বিজেপি দলৰ প্ৰাৰ্থী এন বীৰেণ সিঙে পুৱাই ইম্ফলৰ শ্ৰীবন হাইস্কুলত ভোট দান কৰে।

ইপিনে, দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ নাগৰিক সকলক ওলাই আহি অধিক হাৰত ভোটদান কৰাৰ বাবে আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *