অসম

ভয়ংকৰ অগ্নিকাণ্ড! জুইত জাহ গল প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সমগ্ৰী, ভস্মীভূত কেইবাখনো দোকান…

বকোৰ ছমৰীয়াত নিশা ভয়ংকৰ অগ্নিকাণ্ড।

জুইত জাহ গল প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সমগ্ৰী, ভস্মীভূত কেইবাখনো দোকান।

বকো আৰক্ষী থানাৰ অন্তৰ্গত ছমৰীয়া বাছ আস্থানত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড।

জানিব পৰা মতে ছমৰীয়া বাছ আস্থানত থকা চাৰিখনকৈ দোকানত হোৱা অগ্নিকাণ্ডৰ ফলত প্ৰায় ২০ লক্ষ্যাধিক টকাৰ সম্পত্তি ভষ্মীভূত হয়।

এখন চাহ দোকানৰ চৌকাৰ জুইৰ পৰাই অগ্নিকাণ্ডৰ সুত্ৰপাত হয় বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।

চাহ দোকানৰ চৌকাৰ জুইৰ লেলিহান শিখাই মূহুৰ্ততে এখন এখনকৈ চাৰিওখন দোকান আগুৰি ধৰে। যাৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় দোকান কেইখন।

অৱশেষত ঘটনাস্থলীত বকো অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়

ঘটনাস্থলীত ছমৰীয়া আৰক্ষী পহৰা চকীৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *