মণিপুৰঅসমীয়া

আছাম ৰাইফলছৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

নিৰ্বাচনমুখী ধামখুমীয়াৰ মাজতে মণিপুৰত পুনৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰু আইইডি উদ্ধাৰে ৰাজ্যখনত আতংকৰ সৃষ্টি কৰিছে।

বুধবাৰে ৰাজ্যখনৰ ম্যানমাৰ সীমান্তৰ বেটুক গাঁৱৰ সমীপত অসম ৰাইফলছে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰু ৬টা আইইডি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যাৰ ফলত মণিপুৰত সন্ত্ৰাসবাদীৰ প্ৰাক নিৰ্বাচনী কূটাঘাতৰ প্ৰচেষ্টা বিফল হৈ পৰে।

G4 14

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে অসম ৰাইফলছৰ মৰেহ বেটেলিয়নে গোপন সূত্ৰৰ ভিত্তিত ম্যানমাৰৰ পৰা ভাৰতলৈ আমদানি কৰা এটা সন্দেহজনক কাঠৰ বাকচৰ সৈতে এজন মটৰচাইকেল আৰোহীক ঘেৰাও কৰে।

অসম ৰাইফলছৰ জোৱানে সন্দেহযুক্ত ব্যক্তিজনক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনোৱাত ব্যক্তিজনে কাঠৰ বাকচটো পেলাই ম্যানমাৰলৈ পলায়ন কৰিবলৈ সক্ষম হয়।

অসম ৰাইফলছৰ জোৱান সকলে কাঠৰ বাকচৰ পৰা কৰ্টেক্স, বৈদ্যুতিক তাঁৰ আৰু বিস্ফোৰক সামগ্ৰীৰ সৈতে ছয়টা আইইডি উদ্ধাৰ কৰে।

সন্দেহ কৰা অনুসৰি, মণিপুৰৰ বিধানসভা নিৰ্বাচনত ব্যাঘাত জন্মাবলৈ এই বিস্ফোৰক আৰু আইইডি ৰাজ্যখনলৈ অনা হৈছিল।

উল্লেখ্য যে, মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম ৰাইফলছে ৪০০ কিলোমিটাৰ বেষ্টনীবিহীন ভাৰত-ম্যানমাৰ সীমান্তসমুহ সক্ৰিয়ভাৱে সুৰক্ষা প্ৰদান কৰি আছে।

জব্দ কৰা আইইডি আৰু বিস্ফোৰক সামগ্ৰীবোৰ অধিক অনুসন্ধানৰ বাবে মোৰেহ আৰক্ষীক হস্তান্তৰ কৰা হৈছে।

প্ৰণিধানযোগ্য যে, মণিপুৰৰ বিধানসভা নিৰ্বাচন ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ভোটগণনা ১০ মাৰ্চত সম্পন্ন হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *